
অসমী আইৰ বুকুত অঁকা আটাইতকৈ সুৰীয়া গীতটোৰ নাম জুবিন গাৰ্গ। আলফাৰ অৰাজকতা, অত্যাচাৰ, অসমীয়া গীত-মাতৰ প্ৰচলন বন্ধ হৈ যোৱা তথা হিন্দীভাষী ধাৰাটোৰ সৈতে আকৰ্ষিত হোৱা অসমখনক সলনি কৰিবলৈ তেওঁ এক বৈপ্লৱিক সপোন দেখিছিল—সেই বৈপ্লৱিক সপোন আছিল সুৰৰ, গীতৰ। অসমীয়া গীত-ছবিক শ্মশান যাত্ৰাৰ পৰা উভতাই আনি তেওঁ গঢ়িছিল এক বিৰল ইতিহাস; এক প্ৰকাৰ যেন অসমীয়াক তেওঁ সতেজ উশাহ ঘূৰাই দিছিল।
জনপ্ৰিয় কণ্ঠশিল্পী, নৱপ্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গ কেৱল এটা নাম নহয়। অসম আৰু অসমীয়াৰ বাবে জুবিন গাৰ্গ হৈছে এটা সত্তা। এটা কলাৰ নাম জুবিন, এটা আৱেগৰ নাম জুবিন, এক অনুপ্ৰেৰণাৰ নাম জুবিন, বিধ্বস্ত জীৱনত নতুন বৰষা নমোৱা এটি আশাৰ নাম জুবিন, হাজাৰজনক জগোৱা এটা আহ্বানৰ নাম জুবিন, এটি অনুষ্ঠানৰ নাম জুবিন, উজাগৰী নিশা সাৰথি হৈ ৰোৱা এটি জীৱনদায়িনী শক্তিৰ নাম জুবিন। জুবিনৰ বাবে যেন উপমাৰ শেষ নাই।
ড° ভূপেনদাৰ পিছতে জুবিন গাৰ্গে অসমভূমিৰ পৰাই দেখিছিল সংগীতেৰে বিশ্ব জয় কৰাৰ সপোন। সংগীত জগতখনৰ জৰিয়তে ইউকেলিপ্টাছৰ দৰে ওখ হ’ব খুজিছিল তেওঁ।
“ইউকেলিপ্টাছ গছৰ দৰে ওখ হ’ব খোজোঁ, মই চিৰদিন চিৰন্তন, আকাশ চুব খোজোঁ..!”
এয়াই ৫১টা বসন্ত গৰকা জুবিন গাৰ্গ নামৰ শিল্পীজনৰ জীৱনৰ ব্ৰত। এই পণ লৈয়ে তেওঁ আগবাঢ়িছে। ১৯৯২ চনত তেওঁ খোজ পেলাইছিল সংগীতৰ ক্ষেত্ৰখনত। অসমীয়া সংগীত জগতত জুবিন গাৰ্গ নামৰ এনে এটা কলাৰ আৱিৰ্ভাৱ হৈছিল, যি কলাই সলাই পেলাইছিল অসমীয়া সংগীতৰ ধাৰা, পৰিভাষা, সকলো ধাৰণা।
১৯৭২ চনৰ ১৮ নৱেম্বৰৰ তাৰিখে মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰা জুবিন গাৰ্গৰ পিতৃৰ নাম আছিল মোহিনী বৰঠাকুৰ আৰু মাতৃৰ নাম আছিল ইলি বৰঠাকুৰ। পিতৃৰ চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত জুবিন গাৰ্গে শিক্ষাগ্ৰহণ কৰে। কৰিমগঞ্জকে আদি কৰি তামুলপুৰ, বিজনী, যোৰহাট আদি বিভিন্ন ঠাইত শিক্ষাগ্ৰহণ কৰে। অষ্টম শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষা বাংলা মাধ্যমত লিখা ব্যক্তিজনে আশ্চৰ্যজনকভাৱে বছৰেকীয়া পৰীক্ষা দিছিল অসমীয়া মাধ্যমত। তেওঁৰ জ্ঞানৰ পৰিধিৰ বিশালতা ইয়াৰ পৰা অনুমান কৰিব পাৰি। বি. বৰুৱা কলেজৰ পৰীক্ষাগৃহত ৰসায়ন বিভাগৰ প্ৰশ্নকাকত এৰি থৈ অহা ব্যক্তিজনৰ মনত আছিল হেজাৰ নৱজাগৰণৰ স্বপ্ন।
সৰুৰে পৰা জুবিন গাৰ্গ আছিল এজন প্ৰকৃতিপ্ৰেমী। কৰিমগঞ্জত থাকোঁতে তেওঁ পুহিছিল বাঘ, ময়ূৰ, হৰিণা আদি। তেওঁ প্ৰায়েই কৈছিল, “কোনেও নুবুজিলেও প্ৰকৃতিয়ে তোমাক সদায় বুজিব। মই সেইবাবে গছ ভাল পাওঁ, খুব কথা পাতোঁ গছৰ লগত।” মানৱ সেৱাৰ লগতে প্ৰকৃতি সেৱাও তেওঁৰ আন এক বৈশিষ্ট্য।
জুবিনৰ জীৱনৰ প্ৰথম গুৰু আছিল তেওঁৰ মাতৃ। তেওঁৰ মাতৃ ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্ৰী আৰু সু-গায়িকা আছিল। তথাপি তেওঁ নিজৰ প্ৰতিভাক পেছা হিচাপে নলৈ নিজৰ কণমানি জুবিনক ঘৰতে সকলো কলা শিকোৱাৰ সিদ্ধান্ত লৈছিল। অমিতাভ বচ্চনৰ ছবিবোৰ শৈশৱৰ সময়ছোৱাত জুবিন গাৰ্গৰ প্ৰিয় আছিল; অমিতাভ বচ্চনৰ অনুকৰণ কৰি তেওঁ থ্ৰী-পীচ ছ্যুট পিন্ধিছিল। গানৰ প্ৰতি তেওঁৰ ধাউতি দিনক-দিনে বাঢ়ি অহা দেখি জুবিনক কৰিমগঞ্জৰ বিশিষ্ট তবলাবাদক ৰবীন বেনাৰ্জীৰ অধীনত তবলা শিকিবলৈ দিয়া হ’ল। পিতৃয়ে কৰিমগঞ্জৰ যাত্ৰা-দল শিল্পী-তীৰ্থৰ সৈতে জড়িত হৈ এটা বছৰত তিনিখন যাত্ৰা কৰিছিল; য’ত জুবিন গাৰ্গেও তেওঁক সংগ দিছিল। আনহাতে, বিদ্যালয়ৰ বছৰেকীয়া উৎসৱত জুবিন গাৰ্গে তবলা বাদন কৰিছিল। পৰৱৰ্তী সময়ত জুবিনে গুৰু ৰমণী ৰায়ৰ ওচৰত অসমীয়া লোক-সংগীতৰ শিক্ষা গ্ৰহণ কৰে।
জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে বৰ অসম গঢ়াৰ সপোন দেখা জুবিন গাৰ্গে নিজকে ধৰ্ম-অবিশ্বাসী বুলি গণ্য কৰিছিল।
জুবিন গাৰ্গৰ ঈশ্বৰ বিশ্বাস সম্পৰ্কত স্পষ্ট অভিমত দিয়াটো প্ৰায় দুৰূহ বুলি পিতৃ কপিল ঠাকুৰে পিতৃৰ দৃষ্টিৰে জুবিন গ্ৰন্থত উল্লেখ কৰিছে।
জুবিন ৰূপান্তৰৰ শিল্পী। এই কথা সহজে ল’ব পৰা নাছিল বহুতে। সেয়ে তেওঁৰ সৃষ্টিক প্ৰায়ে সমালোচকে উপেক্ষা কৰিছিল। কেৱল বিতৰ্কৰ সময়ত জুবিনক সমালোচনা কৰাই যেন এচাম সমালোচকৰ মূল কাম আছিল। সেয়ে জুবিনৰ পিতৃয়ে তেওঁক লৈ লিখা গ্ৰন্থত জুবিনক প্ৰশংসাৰ সমানে সমালোচনা কৰাৰ বিষয়ত ক’বলৈ গৈ জুবিনে কৈছিল—অসমত ভালকৈ সমালোচনা কৰিবও নাজানে, প্ৰশংসা কৰিবও নাজানে। মই ভালকৈ সমালোচনা কৰিলে ভাল পাওঁ।
১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱত পাশ্চাত্য একক সংগীত পৰিৱেশনত সোণৰ পদক লাভ কৰিছিল জুবিন গাৰ্গে। সেয়াই আছিল তেওঁৰ জীৱনৰ টাৰ্নিং পইণ্ট। ১৯৯২ চনত তেওঁ খোজ পেলাইছিল পেছাদাৰী সংগীত জগতখনত “অনামিকা” এলবামটোৰ মুক্তিৰ জৰিয়তে। অসমৰ আকাশে-বতাহে মুখৰিত হৈ পৰিল জুবিনৰ “অনামিকা”। বিয়পি পৰিল জুবিন নামৰ ক্ষীণকায় উন্মাদ ল’ৰাজনৰ কলাৰ যাদু। অসমীয়া সংগীত জগতত জুবিন গাৰ্গ নামৰ এনে এটা কলাৰ আৱিৰ্ভাৱ হৈছিল, যি কলাই সলাই পেলাইছিল অসমীয়া সংগীতৰ ধাৰা, পৰিভাষা, সকলো ধাৰণা। পৰৱৰ্তী সময়ছোৱাত “সপোনৰ সুৰ” (১৯৯২), “জোনাকী মন” (১৯৯৩), “মায়া” (১৯৯৪), “আশা” (১৯৯৫)ক প্ৰমুখ্য কৰি ভালেমান এলবাম মুকলি কৰে।
অসমৰ প্ৰখ্যাত গায়ক, সুৰকাৰ আৰু গীতিকাৰ জুবিন গাৰ্গ ভাৰতীয় সংগীত জগতত বহুমুখী প্ৰতিভাৰ বাবে বিশেষভাৱে পৰিচিত। অসমীয়াৰ লগতে তেওঁ হিন্দী ভাষাতো কেইবাটাও গীত নিজে লিখি আৰু সুৰ দি গাইছে। যদিও বলীউডত তেওঁ মূলতঃ গায়ক হিচাপে জনপ্ৰিয়, তথাপি হিন্দী সংগীততো নিজে লিখা গীতৰ জৰিয়তে তেওঁ নিজৰ প্ৰতিভাৰ পৰিচয় দিছে। এইদৰে জুবিন গাৰ্গে অসমীয়াৰ লগতে হিন্দী সংগীত জগততো এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।
বাংলা সংগীত জগতখনতো তেওঁৰ অৱদান আছিল উল্লেখযোগ্য। বলীউড আৰু অসমীয়া চলচ্চিত্ৰ তথা সংগীত উদ্যোগত গান গোৱাৰ সমান্তৰালকৈ ২০০৩ চনত বাংলা সংগীত জগতত জুবিন গাৰ্গৰ অভিষেক ঘটে, য’ত তেওঁ “মন চিনামাত” দুটা গীত গাইছিল।
জুবিনে হীৰেন ভট্টাচাৰ্যৰ পৰা আৰম্ভ কৰি জ্যোতিপ্ৰসাদলৈকে বহু কবিৰ কবিতাকো গীতৰ ৰূপ দিছে। এয়া সাধাৰণ কথা নহয়। কবিতাক গীতৰ ৰূপ দিয়াত জুবিন সফল। “অনামিকা”ৰ দৰে এলবামৰ জৰিয়তে অসমৰ সংগীত জগতখনক সলনি কৰি দিয়া জুবিনক বহুতে সহজভাৱে ল’ব পৰা নাছিল।
জুবিন গাৰ্গৰ নিজৰ সৃষ্টিৰাজিৰ এক সুকীয়া পৰিচয় আছে। জুবিনৰ এনে বহু গীত আছে, যি গীতৰ কথা আৰু সুৰ শুনিলেই বুজিব পাৰি যে সেই গীতটো জুবিন গাৰ্গৰ নিজৰ সৃষ্টি। তেওঁৰ গীতত প্ৰেম, বিষাদ, নিঃসংগতা, বিষণ্ণতা, প্ৰাপ্তি, প্ৰাপ্তিহীনতা সকলো আছে। তাৰোপৰি জুবিনৰ গানত প্ৰকৃতি, সমাজ, ৰাজনীতি সকলো আছে। সৰ্বহাৰাৰ বাবেও জুবিনে গীতৰ মাধ্যমেৰেই বহু কথা কৈ গৈছে। সন্ত্ৰাসবাদৰো বিৰোধিতা, স্বদেশ প্ৰেমৰ কথা জুবিনে গীতৰ মাধ্যমেৰেই কৈ গৈছে। কিন্তু জুবিনক স্বীকাৰ কৰিব নিবিচৰা বৌদ্ধিক মহলে জুবিনৰ সেই গীতৰ কথাৰ প্ৰতি কাহানিও গুৰুত্বই নিদিলে।
“শান্তি দিয়া, মুক্তি দিয়া
সেউজ দিয়া, শস্য দিয়া, চিৰকাল ফুলিবলে…”
এইবোৰ গীতৰ সুৰ-কথা সংগীতেই নহয়, কথাও জুবিনৰ নিজা সৃষ্টি।
তেওঁৰ প্ৰিয় “মায়াবিনী” গীতটিৰ জৰিয়তে ৰোমাণ্টিক গায়ক হিচাপে তেওঁৰ বহুমুখিতা প্ৰদৰ্শন কৰা হৈছে। যৌৱনৰ ৰোমাঞ্চৰ মনোভাৱক অতুলনীয়ভাৱে ধৰি ৰখা এই গীতটিৰ সুৰীয়া আৰু হৃদয়স্পৰ্শী সুৰে গীতটিক প্ৰত্যেকটো প্ৰজন্মৰ শ্ৰোতাৰ মাজত জনপ্ৰিয় কৰি তুলিছিল। আৰু সাম্প্ৰতিক সময়ছোৱাত সেই গীতটি হৈ পৰিল জুবিনৰ প্ৰাৰ্থনাৰ এটি মাধ্যম।
যুগশ্ৰষ্টাৰ জীৱন গাঁথা — সংগীত আৰু জুবিন
লেখিকা: বৰ্ণালী ডেকা (দ্বিতীয় অংশ)
জুবিনৰ কণ্ঠত থকা অনামী মায়াৰে তেওঁ গাইছিল—
“মায়া, মায়া মাথোঁ মায়া…”
যি মায়াৰে তেওঁ মুগ্ধ কৰিলে হাজাৰ হাজাৰ অসমীয়াৰ হৃদয়, যি মায়াই হৰণ কৰিলে ষোড়শী গাভৰুৰ প্ৰাণ।
লোভ-মিথ্যাচাৰৰ ছবিখন উদঙাই দি তেওঁ “মুক্তি” গীতটিত লিখিছিল—
“অন্ধ শাসক, ভণ্ড শাসক
অৰ্থলোভৰ নগ্ন যুঁজত
জীৱন-মৰণৰ স্ববাহক
মদ্য বিভোৰ অন্ধ সুখত।”
জুবিন গাৰ্গ সেইজন ব্যক্তিৰ নাম, যিয়ে আমাক ভাল পাবলৈ শিকালে, জীৱন জীয়াবলৈ দিলে প্ৰেৰণা, হাৰি হাৰিও পুনৰ থিয় দিবলৈ শিকালে।
শান্ত মাতটোৰে বহুতৰে অশান্ত মনটোক কিছু শান্ত কৰিব পৰাকৈ তেওঁ গাইছিল—
“আঁউসীৰ জোন মোৰ সমুখতে…”
সৰ্বোচ্চ আৱেগ ঢালি অসম মাতৃৰ বাবে তেওঁ গাইছিল—
“সোণেরে সজোৱা পজা জহি-খহি যায়…”
শীৰ্ষগীতটোৰ প্ৰথম অন্তৰাত সেই সময়ৰ অৰাজকতাৰ কথা খুব সুন্দৰকৈ প্ৰকাশ কৰিছে এনেদৰে—
“বুঢ়ী আইৰ জুহালতে চকুলো শুকাই
দেউতাৰো একে দশা পদূলিলৈ চাই
বহুদিন হ’ল সৰু বোপাৰ মুখ দেখা নাই
চেনেহীৰ আকাশত আজি জোনতৰা নাই…”
“মায়া”ৰ পৰা “মায়াবিনী”, “দূৰে দূৰে”ৰ পৰা “পাখি পাখি”, “মুক্তি”ৰ পৰা “যন্ত্ৰ”লৈ—অসমত এনেকুৱা কোনো উৎসৱ নাই, এনে কোনো ক্ষণ নাই যি জুবিন গাৰ্গৰ গীতেৰে জীপাল হোৱা নাই। প্ৰকৃতাৰ্থত জুবিন গাৰ্গৰ গীত অবিহনে আমি আধৰুৱা, অসম আধৰুৱা।
মাতৃভূমিত প্ৰতিজন শিশুৰ মুখত নিঃস্বাৰ্থ হাঁহি বিয়পোৱাৰ সপোন দেখিছিল তেওঁ—
“শিশুৰ মুখৰ হাঁহি, কেতিয়াযে ঘূৰি আহে…”
“বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা”—বুলি ‘অনামিকা’ৰ প্ৰতি আৱেগিক প্ৰশ্ন কৰা সেই জুবিনৰ কলমৰ পৰা নিগৰি আহিছে এনে বহু চিৰসেউজ গীতৰ কলি।
গীতৰ মাজেৰেই বিভিন্ন বিষয়লৈ তেওঁ ক্ষোভ উজাৰিছে, প্ৰতিবাদ কৰিছে যদিও কিছুমান গীতত ভৱিষ্যতৰ আশা-আকাংক্ষা, উচ্চাকাংক্ষী মনৰ প্ৰকাশো কৰিছে।
সেইহে তেওঁ লিখিছে—
“জগত পোহৰ কৰি আহিব শ্ৰাৱণ
আঁতৰাব অমানিশা, বধিব ৰাৱণ
নিকা হ’ব সমাজ
শেষ হ’ব এই পাপ
ফুলি ৰ’ব প্ৰেম শতদল…”
প্ৰত্যেকজন প্ৰেমিক যুৱকৰ কাষত এটি নিৰ্জন সন্ধিয়া বাজি উঠা “অনুৰাধা” গীতটিৰ পৰা “ৰুমাল”লৈকে, “তুমি চোৱা যেতিয়া”ৰ পৰা “Sweet Love”লৈকে তেওঁ ৰচিছিল অজস্ৰ কালজয়ী গীত।
কেতিয়াবা যদি প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত প্ৰেমৰ সন্ধান বিচাৰি “কঁকাল খামুচীয়া গাল শিলপীয়া, তুমি কোন সৰগৰ পৰী…”ৰ দৰে গান লিখিছে, কেতিয়াবা আকৌ সোণৰ অসম গঢ়াৰ আহ্বান গীতৰ মাজেৰেই প্ৰকাশ কৰিছে। এগৰাকী পুৰুষ গীতিকাৰৰ বাবে নিজকে গাভৰুৰূপে কল্পনা কৰি গীত লিখাটো কষ্টকৰ কাম।
জুবিন গাৰ্গে নিজকে এগৰাকী গাঁৱৰ সাধাৰণ গাভৰু হিচাপে কল্পনা কৰি প্ৰেমৰ চেতনাক খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে এনেধৰণৰ গীত কিছুমানত—
“ফাগুন আহিলেই বৈ
সপোন আহিলেই বৈ
হিয়াৰ দুয়োপাৰ ওপচাই…”
আৰু
“শালিকী পুৱাৰ ৰ’দালি দেখিলেই
তোমালৈয়ে মোৰ মনত পৰে…”
এইবোৰ কোমল অনুভূতিপ্ৰৱণ প্ৰেমৰ গীত। “কঁকাল খামুচীয়া”, “অ’ ভনী”, “মনত পৰে তোমালৈ”, “বিহু বিহু বুলুতে”, “সোণাৰু ফুল হালধীয়া” আদি অসংখ্য বিহুগীতেৰে অসমীয়া বিহু সংগীতৰ জগতখনক তেওঁ সমৃদ্ধ কৰিছিল।
“সোণেরে সজোৱা পঁজা জহি-খহি যায়
কোনে আজি সাজিবহি পাৰিব দুনাই…”
এয়া জুবিনৰ নিজা শব্দ। নব্বৈৰ দশকৰ অসমখনক এই গীতৰ মাজেৰে তুলি ধৰাই নহয়, তেওঁ ইয়াৰ মাজেৰে ক্ষোভো প্ৰকাশ কৰিছিল।
“বুঢ়ী আইৰ জুহালতে চকুলো শুকাই
দেউতাৰো একে দশা পদূলিলৈ চাই
বহুদিন হ’ল সৰু বোপাৰ মুখ দেখা নাই
চেনেহীৰ আকাশত আজি জোনতৰা নাই…”
নব্বৈৰ দশকৰ অসমৰ সমাজ-জীৱনক ইয়াতকৈ সুন্দৰকৈ প্ৰকাশ কৰিব পৰা ব্যক্তি তেওঁৰ বাহিৰে দ্বিতীয়জন নিশ্চয় নাই।
জুবিনৰ গীতত আশা আছিল। আছিল শূন্যতা, ক্ষোভ, উপলব্ধি।
“পোহৰৰ চাকি গছি
জ্বলামেই এদিন জ্বলাম”—এয়া জুবিনৰ আশাবাদৰ গান।
“ৰ’দ আজি কেনি পাওঁ
ৰ’দ আজি কেনি চাওঁ
খিৰিকী মেলি সমুখত আন্ধাৰহে পাওঁ”—গীতত আন্ধাৰৰ কথাৰে নিৰাশাৰ কথাকেই কৈছে। নিঃসংগতাৰ মূৰ্ত প্ৰকাশ “ৰ’দ আজি কেনি পাওঁ” গীতটো।
“নিচুকনি” শীৰ্ষক গীতটোত আকৌ এগৰাকী পীড়িত শিশু-শ্ৰমিকৰ আকুল বিননিকে গীতিকাৰে প্ৰকাশ কৰিছে এনেদৰে—
“নিচুকনি গীত মোৰ কেনিনো হেৰালে
হৃদয় কোণত থানবান
জ্বলি থকা জেউতি কেনিনো নুমালে
সমীৰত ধুমুহা গান
এন্ধাৰে সাৰ পাই হাঁহি মাৰি কয়
তইহে মোৰ সন্তান।”
‘এন্ধাৰ’ক ইয়াত নিঃসংগতা, শূন্যতাবোধ আৰু বিষাদৰ প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰিছে। জুবিন গাৰ্গৰ গীতসমূহত ‘ফাগুন’, ‘এন্ধাৰ’, ‘জোনাক’ আদি শব্দবোৰক এনেদৰে বিশেষ প্ৰতীকী ৰূপত ব্যৱহাৰ কৰা দেখা যায়। জীৱনৰ প্ৰতি একধৰণৰ দাৰ্শনিক চিন্তা গীতটোৰ মাজেদি খুব সুন্দৰভাৱে প্ৰকাশ পাইছে। তদুপৰি গীতটোৰ হৃদয় জুৰোৱা সুৰ আৰু বাঁহীৰ দৰদী ধ্বনিয়ে গীতটোক অলংকাৰিক সৌন্দৰ্য প্ৰদান কৰিছে।
‘মা’ এলবামৰ ‘কেতিয়াবা’ শীৰ্ষক গীতটোত জুবিন গাৰ্গে জীৱনৰ বিস্ময়কৰ সময়বোৰ, বিচিত্ৰ আৱেগ-অনুভূতিবোৰক প্ৰকৃতিৰ ৰ’দ-বৰষুণ, ফুলৰ লগত তুলনা কৰি, কবিতা-কবিতা যেন লগা গীতটোক খুব সুন্দৰভাৱে সুৰেৰে সজাইছে এনেদৰে—
“কেতিয়াবা ফুল ফুলে
কেতিয়াবা ফুল সৰে
কেতিয়াবা নিৰ্জনতেও শব্দ হৈ কথা সৰে
কেতিয়াবা শব্দতো নিৰ্জনৰো ৰাতি নামে
কেতিয়াবা ৰ’দে মাতে
কেতিয়াবা বৰষুণে…”
নিঃসন্দেহেই ‘কেতিয়াবা’ শীৰ্ষক গীতটো দশকটোৰ ভিতৰতে জুবিন গাৰ্গৰ অন্যতম চিৰসেউজ সৃষ্টি। গীতটোৰ অন্যতম আকৰ্ষণীয় দিশটো হ’ল গীতৰ কথাৰ লগত সুৰৰ যি ভিন্নতা। শব্দৰ সাংগীতিক লয়ৰ প্ৰতি গীতিকাৰ সজাগ।
“প্ৰতিটো প্ৰহৰ, প্ৰতিটো সময়
প্ৰতিটো পলে চিঞৰে আজি
প্ৰতিটো দুখৰ, প্ৰতিটো শোকৰ
প্ৰতিটো ক্ষোভৰ মূল্য সুঁৱৰি…”
‘মুক্তি’ এলবামৰ (১৯৯৮) এই বিশেষ গীতটোত জুবিনে “প্ৰতিটো” শব্দটো যিদৰে ব্যৱহাৰ কৰি গীতটোৰ মাজেৰে মানুহৰ আশা-নিৰাশা, শূন্যতাবোধ, ক্ষোভ আৰু উপলব্ধিৰ ৰহস্যময় জীৱনটোক প্ৰতিফলিত কৰিছে, ঠিক সেইদৰে সুৰ তথা প্ৰকাশভংগী সম্পূৰ্ণ পৃথক হ’লেও ‘মা’ এলবামৰ ‘কেতিয়াবা’ শীৰ্ষক গীতটোৰ মাজেদি জীৱনৰ ৰহস্যময় সময়বোৰক যেন জুবিন গাৰ্গে আকৌ এবাৰ উপলব্ধি কৰিছে।
জুবিন গাৰ্গ যিহেতু সকলো বাদ্যযন্ত্ৰতেই সিদ্ধহস্ত, সেইবাবে জুবিন গাৰ্গৰ নিজা সৃষ্টিত বাদ্যযন্ত্ৰৰ ব্যৱহাৰে এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা দেখা যায়। তবলাত বিশাৰদ তথা সকলোধৰণৰ ‘percussion instrument’ত সিদ্ধহস্ত জুবিন গাৰ্গৰ গানবোৰত বিশেষকৈ ‘Rhythm section’টো মন কৰিবলগীয়া। উদাহৰণস্বৰূপে “পলিটিক্স নকৰিবা বন্ধু” শীৰ্ষক গীতটোৰ কথাই ক’ব পাৰোঁ। গীতটোৰ কথাৰ লগতে অন্যতম আকৰ্ষণ ‘Rhythm section’টো। ‘আনন্দ লহৰী’ৰ দৰে ভাৰতীয় লোকসংগীতৰ বাদ্যযন্ত্ৰসমূহৰ সু-সংমিশ্ৰণে গীতটোৰ সংগীত ব্যৱস্থাপনাত এক নতুনত্ব প্ৰদান কৰিছে। গীতটোৰ সুৰ খুব সৰল, সকলো মানুহেই শুনি শুনাব পৰা বিধৰ। গীতটোত মন্ত্ৰী, বিধায়কক পাপৰ লগত তুলনা কৰি সাধাৰণ খাটি খোৱা জনতাৰ লগত “পলিটিক্স” নকৰিবলৈ ব্যংগাত্মক প্ৰকাশভংগীৰে সকীয়নি প্ৰদান কৰিছে।
গীত এটা কেৱল কথাৰ জোৰত কেতিয়াও জনপ্ৰিয় হ’ব নোৱাৰে যদিহে গীতটোৰ সুৰ আকৰ্ষণীয় নহয়। জুবিন গাৰ্গৰ গীতৰ আটাইতকৈ শক্তিশালী উপাদানটোৱেই হৈছে গীতৰ সুৰ। জুবিন গাৰ্গ এনে এজন দক্ষ সুৰকাৰ, যাৰ সুৰতেই কবিতায়ো প্ৰাণ পায় এটা গীতলৈ। কবিতাক গীতলৈ ৰূপান্তৰ কৰাটো সুৰকাৰ এজনৰ বাবে কিছু কষ্টকৰ কাম। কাৰণ কবিতাৰ ক্ষেত্ৰত বহু ধৰণৰ বাধ্য-বাধকতা থাকে। সুৰকাৰে নিজৰ ইচ্ছামতে শব্দৰ ইফাল-সিফাল কৰিব নোৱাৰে। সুৰকাৰ হিচাপে জুবিন গাৰ্গ কিন্তু ইয়াতো সফল হৈছে।
নতুন প্ৰজন্মটোৰ লগত জুবিন গাৰ্গৰ আছিল একাত্ম আত্মীয়তা। এই প্ৰজন্মটোক অসমীয়া সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা আছিল একক। নতুন প্ৰজন্মটোক বৰগীত, লোকগীত, জ্যোতি সংগীতৰ সৈতে চিনাকি কৰাই দি জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে এখন বৰ অসম গঢ়াৰ সপোন দেখিছিল সেই স্বতন্ত্ৰ ব্যক্তিজনে। নতুন প্ৰজন্মটোৰ প্ৰতি তেওঁৰ অফুৰন্ত বিশ্বাস আৰু মৰম আছিল।
সেয়ে তেওঁ বৈপ্লৱিক কলাৰে কৈছিল—
“আমি নতুন প্ৰজন্ম হওঁ। আমি দেশ সলাবও পাৰোঁ, গঢ়িবও পাৰোঁ।”
নতুন প্ৰজন্মটোৰ বাবেও জুবিন আছিল হাৰ্টথ্ৰ’ব।
জুবিন গাৰ্গ বিশেষকৈ সমাজবাদত বিশ্বাসী আছিল। কলাগুৰু আৰ্টছ ফাউণ্ডেচন নামৰ সংস্থাটোৰ তেওঁ এগৰাকী মূল অংশীদাৰ। এই সংস্থাটোৰ জৰিয়তে তেওঁ অসমৰ পিছপৰা শিল্পীসকলক স্বাস্থ্যজনিত কাৰণত আৰ্থিক সাহায্য, বানপীড়িত ৰাইজ তথা ছাত্ৰ-ছাত্ৰীসকলক আৰ্থিকভাৱে বহুখিনি সহায় কৰে। এপিএছচিৰ নিযুক্তি ক্ষেত্ৰৰ দুৰ্নীতিৰ বিষয়টো লৈ তেওঁ “কাঞ্চনজংঘা” চিনেমাখন নিৰ্মাণ কৰিছিল। এই সকলোবোৰৰ উপৰি জুবিন এগৰাকী ফুটবলপ্ৰেমী হোৱাৰ হেতুকে সময়ে সময়ে তেওঁ ফুটবল খেলা পৰিলক্ষিত হয়।
২০২১ চনৰ মে’ মাহত ক’ভিড-১৯ৰ সংক্ৰমণৰ উত্থানৰ সময়ত গাৰ্গে গুৱাহাটীত থকা দুমহলীয়া ঘৰটো ৰোগীৰ বাবে বিচনাৰ বৰ্ধিত চাহিদা পূৰণৰ উদ্দেশ্যে ক’ভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰিত কৰিবলৈ আগবঢ়াইছিল। ইয়াৰোপৰি জাতিপ্ৰেমো আছিল তেওঁৰ সৰ্বোত্তম গুণ। কা আন্দোলনৰ সময়ত উৎকৃষ্ট নেতৃত্ব দি অহিংসাৰে আন্দোলনটো চলাই লৈ যোৱা ব্যক্তিসকলৰ মাজত জুবিন গাৰ্গ অন্যতম। তেওঁৰ সবল নেতৃত্বত সমগ্ৰ শিল্পীসমাজ ওলাই আহি আন্দোলনটোক দৃঢ় কৰি তুলিছিল।
কবি হীৰেন ভট্টাচাৰ্যই জুবিন সম্পৰ্কে লিখিছিল—
“গান লিখিলেই গান নহয়। সকলো সময়তে ভাল মাতেই গায়ক নহয়। ভাল গানে, ভাল গানৰ কথাই মানুহক আকৰ্ষণ কৰে। গানৰ স্থায়িত্ব গানৰ কথাখিনিৰ ওপৰত নিৰ্ভৰ কৰে। গানৰ সুৰ মনত নাথাকিলেও গীতৰ কথা মনত থাকি যাব পাৰে। আমি ড° ভূপেন হাজৰিকা বা ড° বীৰেন্দ্ৰনাথ দত্তৰ গানৰ ক্ষেত্ৰত দেখোঁ, গীতৰ কথা সুন্দৰ বাবে গীতবোৰ মনত থাকি যায়। অসমৰ একে ধাৰাৰ, একে সুৰীয়া গীতৰ মাজতে জুবিনে জোকাৰণি এটা দিলে।”
ৰাজহাড় পোন কৰি থিয় হ’ব খোজা ব্যক্তিজনে তেওঁৰ ‘জন্মদিন’ নামৰ কবিতা এটাত লিখিছিল—
“মোৰ সোঁ কাষখন ভাঙি দে
বাওঁ কাষখনো ভাঙি দে
মই কিন্তু থিয় হৈয়ে থাকিম
যেতিয়ালৈকে মোৰ
ৰাজহাড় ডাল ভাঙিব নোৱাৰ…”
I AM THE SPINE!
“স্বাভিমান” কবিতাটোত তেওঁ লিখিছিল—
“জানা, নাজানা তোমাৰ কথা
বুজা, নুবুজা তোমাৰ কথা
অসাধাৰণ মই
মোৰ স্বাধীনতা
মোৰ কথা, গান, কবিতা
মাজে মাজে মোৰ নীৰৱতা
শেষ হ’ল আজিৰ কবিতা।”
জ্যোতি সংগীত, ৰাভা সংগীত, জাতীয় সংগীত, আধুনিক গীত, ৰোমাণ্টিক গীত, লোকসংগীত, বিয়ানামকে আদি কৰি অসমীয়া সংগীত জগতখনত এনে গীত নাই যি তেওঁৰ মাতত সমৃদ্ধ হোৱা নাই। এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পীৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, বাদ্যযন্ত্ৰী, কবি আৰু সমাজকৰ্মী। ত্ৰিনিদাদ আৰু ট’বাগোত অনুষ্ঠানত অসংখ্য হিন্দী আৰু অসমীয়া হিট গীত গাই কনচাৰ্টৰ শিৰোনাম দখল কৰা প্ৰথমজন অসমীয়া মনোৰঞ্জনকাৰী হিচাপে পৰিগণিত হৈছিল জুবিন গাৰ্গ।
সংগীত পৰিচালক হিচাপে জুবিন গাৰ্গে জনপ্ৰিয় কথাছবি “হিয়া দিয়া নিয়া” (২০০০), “তুমি মোৰ মাথোঁ মোৰ” (২০০০), “শেষ উপহাৰ” (২০০১) আদিকে ধৰি প্ৰায় ২৬খন ছবিত কাম কৰিছে। অভিনেতা হিচাপেও জুবিনে কেৰিয়াৰ আগবঢ়াইছে। ‘মন যায়’ৰ পৰা শেহতীয়াকৈ মুক্তি পোৱা ‘ৰৈ ৰৈ বিনালে’লৈকে জুবিন অভিনেতা হিচাপে সক্ৰিয় হৈ আছে। “তুমি মোৰ মাথোঁ মোৰ”, “দীনবন্ধু”, “প্ৰিয়াৰ প্ৰিয়”, “অহেতুক”, “মিছন চাইনা”, “কাঞ্চনজংঘা” আদি তেওঁৰ উল্লেখনীয় ছবি। ২০০৫ চনত জুবিন গাৰ্গে “শুধু তুমি” নামৰ বঙালী ভাষাৰ কথাছবিত কৰা কামৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে।
আজিৰ পৰা বিশ-পঁচিশ বছৰৰ আগতে জুবিন গাৰ্গে যিবোৰ গান সৃষ্টি কৰিছিল, সেই সৃষ্টিসমূহত জুবিন গাৰ্গৰ সেই সময়ৰ প্ৰেম-ভালপোৱা আৰু আৱেগ-অনুভূতিসমূহ জড়িত হৈ আছিল। যাৰ বাবেই নব্বৈৰ দশকৰ সন্ত্ৰাসজৰ্জৰিত অস্থিৰ অসমখনলৈ “অন্ধ আকাশ ৰুদ্ধ বতাহ”, “সোণেরে সজোৱা পঁজা”, “জগত পোহৰ কৰি আহিব শ্ৰাৱণ”ৰ দৰে কেইবাটাও চিৰযুগমীয়া গীতৰ সৃষ্টি হোৱাত সহায় হৈছিল।
ঠিক সেইদৰে—
“তুমি চোৱা যেতিয়া দুচকুলে
মোৰ আকাশ ভাঙি নামে বিজুলী”
(এলবাম: “মেঘৰ বৰণ”, ১৯৯৯)
“বৰষা যেতিয়া নামে বুকুলৈ”
(এলবাম: “ৰং”, ১৯৯৬)
“জ্বলি উঠা জুই হয় জ্বলোৱা কামনা”
(এলবাম: “মেঘৰ বৰণ”)
আদি গীতবোৰে গীতিকাৰৰ সেই সময়ৰ প্ৰেমানুভূতিবোৰক প্ৰতিনিধিত্ব কৰিছে।
সময়ৰ লগত মানুহৰ চিন্তা-ধাৰা, পৰ্যবেক্ষণ আদি সকলো সলনি হোৱাটো স্বাভাৱিক। গতিকে জুবিন গাৰ্গৰ আজিৰ সৃষ্টিৰাজিতো সেইধৰণৰ সালসলনি অহাটো স্বাভাৱিক প্ৰক্ৰিয়া। দুই-তিনি দশক ধৰি জনপ্ৰিয়তাৰ শীৰ্ষত থকা প্ৰতিজন সৃষ্টিশীল সংগীতশিল্পীৰ ক্ষেত্ৰতে এনে ধৰণৰ পৰিৱৰ্তন লক্ষ্য কৰা যায়।
জুবিন গাৰ্গৰ পূৰ্বৰ গীতসমূহত ব্যৱহাৰ কৰা “হৰিণীনয়না”, “অৱগুণ্ঠন”, “মুগ্ধ হিয়া”ৰ দৰে অলংকাৰিক শব্দসমূহৰ সংমিশ্ৰণে যি সুন্দৰ প্ৰকাশভংগীৰ গঠন কৰিছিল, ঠিক সেইদৰে তেওঁৰ নতুন সৃষ্টিৰাজিতো “শালিকী পুৱা”, “তিমিৰ বৰণ”, “অগ্নিস্নান”ৰ দৰে বহু কাণ জুৰ পেলোৱা ফুলাম শব্দৰ সমাহাৰ আজিও শুনিবলৈ পোৱা যায়।
সাগৰ, পানী আৰু প্ৰকৃতিক ভাল পোৱা মানুহজনে তেওঁৰ “Water” নামৰ এটি কবিতাত লিখিছিল—
“মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি
তহঁতে বুজি নাপাবি
মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ
সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ
মাথোঁ মোৰ ৰং সলনি হ’ব
পানীৰ সোৱাদ সলনি হ’ব…”
তেওঁ প্ৰায়েই কৈছিল—
Be Water,
Be shapeless…
আজীৱন অসমৰ বাবে বিনা স্বাৰ্থে নিয়োজিত কৰা জুবিন গাৰ্গে কেৱল বিচাৰিছিল তেওঁৰ মাতৃভূমিৰ সৰ্বাংগীন উন্নতি। তেওঁ কৈছিল, তেল, গছ, নদী, পাহাৰ, চাহপাত, গঁড় আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে আৱৰি থকা অসমখনত একোৰে অভাৱ নাই। গানৰ ক্ষেত্ৰখনত নিজকে আৰু বহু দূৰলৈ আগুৱাই নিবলৈ তেওঁ আন বহুতো শিল্পীৰ দৰে বলীউডৰ জগতখন বাছি ল’ব পাৰিলেহেঁতেন, কিন্তু তেনে নকৰি তেওঁ বাছি লৈছিল নিজৰ জন্মভূমি।
“অনামিকা”ৰ জৰিয়তে অসমৰ সংগীতৰ জগতখনক নতুন ৰূপেৰে সজাই তোলা জুবিনৰ গীতত এনে কি শক্তি আছিল, যি শক্তিয়ে তিনিটা দশক ধৰি অসমীয়া শ্ৰোতাক মোহাচ্ছন্ন কৰি ৰাখিছিল—তাৰ বিশ্লেষণৰ প্ৰয়োজন আছে।
দিনটোৰ আৰম্ভণিৰ পৰা নিশা বিচনাত পৰালৈকে প্ৰতিটো মুহূৰ্ততে অসমৰ শ্ৰোতাই শুনিব পৰাকৈ তেওঁ এৰি গৈছে বৰগীত, লোকগীত, টোকাৰী গীত, আধুনিক গীত, বনগীত, বিৰহ-আনন্দ আদি সময়ে সময়ে শুনিব পৰা গীত।
ইয়াৰোপৰি দুটাকৈ নাগাৰা নামতো কণ্ঠ দিছিল তেওঁ।
১৯৯৬ চনত চেনেল ভি মিউজিক এৱাৰ্ডছ আৰু স্ক্ৰীন এৱাৰ্ডছত জুবিন গাৰ্গৰ “চান্দনী ৰাত” এলবামটো শ্ৰেষ্ঠ ভাৰতীয় পপ এলবাম হিচাপে নিৰ্বাচিত হয়। ২০১১ চনত আমেৰিকাৰ ইলিনয়ৰ অক ব্ৰুকত অনুষ্ঠিত হোৱা অসম অধিৱেশনৰ দ্বাৰা জুবিন গাৰ্গক বছৰৰ অতিথি শিল্পী হিচাপে সন্মানিত কৰা হয়। ২০২৪ চনৰ ২৭ মে’ত জুবিন গাৰ্গক মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰ অৱ লিটাৰেচাৰ (ডি.লিট.) ডিগ্ৰী প্ৰদান কৰা হয়। ২০০৯ চনৰ ৫৫সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত অ-কাহিনীমূলক ছবি “Echoes of Silence”ৰ বাবে তেওঁ শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বঁটা লাভ কৰে। ২০২৫ চনত তেওঁক “গ্ল’বেল হিউমেনিটেৰিয়ান” উপাধি প্ৰদান কৰা হয়।
জুবিন গাৰ্গ এক অনুষ্ঠানৰ নাম, যি অনুষ্ঠানে সীমাৰ পৰিধি ভাঙি আমাক দি গৈছে অযুত সৃষ্টি। তেওঁ আছিল সুৰৰ বাহক। তেওঁৰ দুচকুত ভাহিছিল মাথোঁ মুক্তিৰ শুদ্ধ পথ।
মৃত্যুৰ পিছতো অসমখনক বিশ্ব দৰবাৰত বিশ্ববৰণ্য হিচাপে প্ৰতিষ্ঠা কৰি যোৱা এই মহান মনীষীজনক যাচিছোঁ কৌটি কৌটি প্ৰণাম। হাজাৰবাৰ চকুলো নিগৰি শ্ৰদ্ধাঞ্জলি দিয়া অসমীয়াৰ বাবে এতিয়াও জুবিনবিহীন অসমখন কল্পনাৰো অগোচৰ। ডেকা-গাভৰুৰ পৰা বৃদ্ধজনলৈ সাৰুৱা মাত আৰু স্পষ্টবাদী কণ্ঠেৰে হিয়াৰ আমঠু হ’ব পৰা ব্যক্তি কেৱল আৰু কেৱল জুবিন গাৰ্গ।
তিনি দশকতকৈও অধিক সময় ধৰি অসমীয়া সংগীত জগতক সমৃদ্ধ কৰি ৰখা জুবিন গাৰ্গৰ জীৱন আছিল সংগীতৰ এক অবিস্মৰণীয় যাত্ৰা। লোকপৰম্পৰা, আধুনিক পপ, ৰক আৰু বলীউডলৈকে—লুইতৰ পাৰৰ এই সুৰীয়া কণ্ঠটোৱে যুগে যুগে অসমীয়া সংস্কৃতিক বিশ্বৰ দৰবাৰত জিলিকাই ৰাখিব। অসমীৰ ইতিহাসত উজ্জ্বল সোণালী আখৰেৰে লিপিবদ্ধ হোৱা এই নামটি বৈ যাব প্ৰজন্মৰ পৰা প্ৰজন্মলৈ, অনাদি কাললৈ…।
একেই বিষয়ৰ আৰু লিখনি

সাম্প্ৰতিক সময়ৰ জটিল সন্ধিক্ষণত নৱ-প্ৰজন্মৰ সপোন আৰু হতাশাঃ
সাম্প্ৰতিক সময়ৰ জটিল সন্ধিক্ষণত নৱ-প্ৰজন্মৰ সপোন আৰু হতাশাঃ

সাম্প্ৰতিক সময়ৰ অসমীয়া আলোচনী: সাহিত্য আৰু যুৱ সমাজৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা
সাম্প্ৰতিক সময়ৰ অসমীয়া আলোচনী: সাহিত্য আৰু যুৱ সমাজৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা
