সাম্প্ৰতিক সময়ৰ জটিল সন্ধিক্ষণত নৱ-প্ৰজন্মৰ সপোন আৰু হতাশাঃ

ভাৰতবৰ্ষৰ বিশিষ্ট বিজ্ঞানী তথা প্ৰাক্তন ৰাষ্ট্ৰপতি “মিছাইল মেন” ড° এ. পি. জে. আব্দুল কালামে সপোন (Dream) সম্পৰ্কত কৈছিল, “Dream is not that you see in sleep. Dream is something that does not let you sleep.”
অৰ্থাৎ, “সপোন এনেকুৱা নহয় যে আপুনি টোপনিত দেখা পায়। সপোন এনেকুৱা এটা বস্তু যিয়ে আপোনাক শুবলৈ নিদিয়ে।”
কালামদেৱৰ এই মহান বাণীয়ে প্ৰতিপন্ন কৰে যে কোনো কাৰ্যত কৃতকাৰ্যতা হ’বলৈ হ’লে আমি সপোন দেখিব লাগিব আৰু সেই সপোন পূৰাবলৈ হ’লে আমাক কৰ্মস্পৃহা (Enthusiasm for work) লাগিব।
এইখিনিতে বিশ্ববিখ্যাত ইটালীয়ান সংগীতজ্ঞ আৰু সুৰকাৰ গিয়াছেপে ভাৰ্ডিয়ে কৰ্মস্পৃহা সম্পৰ্কে আগবঢ়োৱা এটি মননশীল মন্তব্য আগবঢ়াব বিচাৰিছোঁ। যেতিয়া এবাৰ এজন সাংবাদিকে তেখেতক “আপোনাৰ এই অতুলনীয় কৃতকাৰ্যতাৰ ৰহস্য কি?” বুলি প্ৰশ্ন কৰিছিল, তেতিয়া ভাৰ্ডিয়ে উত্তৰত কৈছিল, “ৰহস্য-তহস্য মই একো বুজি নাপাওঁ। কিবা ৰহস্য আছে বুলিও মই নাভাৱোঁ। মাত্ৰ এটা কথাই মই জানো যে মই যেতিয়া যি কাম কৰোঁ, তেতিয়া কেৱল সেইটো কামতে মই মোৰ সমগ্ৰ মন-প্ৰাণ ঢালি দিওঁ। উদাহৰণস্বৰূপে এটি নতুন সুৰ সৃষ্টিৰ কামত মই যিধৰণৰ অখণ্ড মনোযোগ দিওঁ, ঠিক তাৰ সমান মনোযোগ দিওঁ এটা সৰু কাম কৰোঁতেও। মই সকলো কামৰ পৰাই সমান আনন্দ লাভ কৰোঁ।”
প্ৰায় এশ বছৰৰো আগতে ভাৰ্ডিয়ে কোৱা এই কথাষাৰে বৰ্তমান সময়ত কিছু যথেষ্ট তাৎপৰ্য বহন কৰিছে, বিশেষকৈ নৱ-প্ৰজন্মৰ মাজত। কিয়নো, যি সময়ত বৰ্তমান প্ৰজন্ম সামাজিক মাধ্যম, যৌনগন্ধী মানসিকতা, উচ্ছৃংখলতা আদিত অভ্যস্ত হৈ দিগ্বিদিগ্ হেৰুৱাই কৰ্মবিমুখতা, হতাশা আৰু কৰ্মস্পৃহাহীনতাৰ দিশে গতি কৰিছে, তেনে সময়ত ভাৰ্ডিৰ এই কথাষাৰে নৱ-প্ৰজন্মৰ মাজত মানসিক ঔষধৰ দৰে কাম কৰিব বুলি বোধ হয়।
ভাৰ্ডিৰ দৰে এজন ব্যক্তি, যি জীৱনৰ সৰু কাম এটা কৰিও আনন্দ উপভোগ কৰিছিল আৰু সেই কামটো কৰিবলৈ দেহ-মন সপি দিছিল, তেনে স্থলত কিছু বৰ্তমান প্ৰজন্মৰ মাজত সেই কৰ্মস্পৃহাৰ মানসিকতা দেখা নাযায়। তাৰ পৰিৱৰ্তে তেওঁলোকৰ মাজত “হতাশা” নামৰ এক মানসিক বিভ্ৰান্তিহে দেখা গৈছে।
আজিৰ তাৰিখত নতুন প্ৰযুক্তিৰ লগে লগে জীৱনটো উন্নত আৰু আৰামদায়ক কৰি তোলা বিভিন্ন আৱিষ্কাৰৰ সৃষ্টি হৈছে। এইসমূহৰ ভিতৰত সংবাদ মাধ্যমো অন্যতম। সংবাদ মাধ্যম হৈছে এনে এটি বিষয়, যাৰ জৰিয়তে বহু তথ্য লাভ কৰিব পাৰি আৰু মানুহে ঘৰতে বহি পৃথিৱীৰ বিষয়ে জানিব পাৰে।
“মিনিটৰ অন চাইক’লজি”ৰ মতে, “নৱ-প্ৰজন্মৰ মাজত হতাশাৰ কাৰণ হৈ পৰিছে সংবাদ মাধ্যম।” আমোদজনক আৰু মনোৰঞ্জনমূলক অনুষ্ঠানেই সৰুতেই ছাত্ৰ-ছাত্ৰীৰ বাবে এক ডাঙৰ বাধাৰ সৃষ্টি কৰিছে। সংবাদ মাধ্যমে অত্যধিক বিক্ষিপ্ততা প্ৰদান কৰে। খোৱা-বোৱা, শুই থকা, পঢ়া-শুনা কৰাৰ সময়তো ল’ৰা-ছোৱালীয়ে কাৰ্টুন চাই থাকে। গতিকে, এইদৰে তেওঁলোকৰ মনটো সকলো সময়তে টেলিভিছনৰ ফালে থাকে।
এক গৱেষণাৰ তথ্য অনুসৰি, পাঁচৰ পৰা আঠাইশ বছৰ বয়সৰ শিক্ষাৰ্থীয়ে গড়ে দিনটোত প্ৰায় চাৰে পাঁচ ঘণ্টা সময় টেলিভিছন চাই, ভিডিঅ’ গেম খেলে, ৱেব ছাৰ্ফিং কৰে বা আন কোনো ধৰণৰ মাধ্যম ব্যৱহাৰ কৰি সময় কটায়। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলে স্কুল-কলেজত থকাৰ সময়ত “টেক্সট মেছেজিং”ৰ অভ্যাস গঢ়ি উঠিছে।
আজি ছাত্ৰ-ছাত্ৰীসকলে এহাতে মোবাইল আৰু আনহাতে কিতাপ লৈ বিদ্যালয় বা মহাবিদ্যালয়লৈ যায়। আমাৰ সমাজৰ সকলোতে এই কথা দেখা পোৱা গৈছে। বহু ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় অথবা মহাবিদ্যালয়লৈ যায় কোনো উদ্দেশ্য নোহোৱাকৈ। শ্ৰেণীকোঠাত শিক্ষকে নিৰ্দেশনা দিয়া কোনো বিশেষ বিষয়ৰ প্ৰতি তেওঁলোকৰ মনোযোগ নাথাকে। শিক্ষকৰ কথা শুনাতকৈ তেওঁলোকে “টেক্সট মেছেজিং” অতি গুৰুত্বপূৰ্ণ বুলি ভাবে। বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ মাজত “টেক্সট মেছেজিং” বৃদ্ধি পাইছে আৰু ই যেন এটা আধুনিক “ফেশ্বন”ত পৰিণত হৈছে।
জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন হোৱাৰ দৰে সদায় মোবাইলৰো প্ৰয়োজন হয়। তেওঁলোক বিদ্যালয় বা মহাবিদ্যালয়ত শাৰীৰিকভাৱে উপস্থিত থাকিলেও মানসিকভাৱে তেওঁলোক কিছু তাত নাথাকে। তেওঁলোকৰ মনটো সংসাৰিক কথাবোৰৰ ওপৰতহে ঘূৰি ফুৰে। “মিনিটৰ অন চাইক’লজি”ৰ মতে, আন ছাত্ৰ-ছাত্ৰীসকলে কৰা “টেক্সট মেছেজিং” চাই বাকীসকল ছাত্ৰ-ছাত্ৰীৰো এই অভ্যাস গঢ়ি উঠে।
ছাত্ৰ-ছাত্ৰীসকলে নিজৰ চৌপাশৰ পৰিৱেশৰ পৰা চাই অধিক কথা শিকে বা বুজে। কেতিয়াবা চাৰিওফালৰ পৰিৱেশে ভাল ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ বিনষ্ট কৰিব পাৰে।
উদাহৰণস্বৰূপে, এজন ভাল ছাত্ৰই লক্ষ্য কৰে যে তেওঁৰ বন্ধুয়ে শ্ৰেণীকোঠাত টেক্সট মেছেজিং কৰাত লিপ্ত হৈ আছে। ফলস্বৰূপে, সেই শ্ৰেণীকোঠাত টেক্সট মেছেজিং কৰা সেই বেয়া অভ্যাসটো ভাল ছাত্ৰজনৰ গাতো দেখা দিব পাৰে, যিয়ে ছাত্ৰজনৰ শৈক্ষিক জীৱনত বাধাৰ সৃষ্টি কৰিব।
টেক্সট মেছেজিং আৰু আধুনিক মাধ্যমে নৱ-প্ৰজন্মক আঘাত হানিছে। সংবাদ মাধ্যমে শিশুৰ মাজত আক্ৰমণাত্মক আচৰণৰ বিকাশ ঘটাইছে। “মিনিটৰ অন চাইক’লজি”ৰ অধ্যয়নত দেখা গৈছে যে টেলিভিছন চোৱাৰ পিছত আৰু ভিডিঅ’ গেম খেলাৰ পিছত প্ৰায় ১৩ শতাংশ ছাত্ৰ-ছাত্ৰীৰ আক্ৰমণাত্মক আচৰণ বৃদ্ধি পায়। ক্ৰমান্বয়ে হিংসাত্মক দৃশ্য আৰু অনুষ্ঠানৰ চিত্ৰগ্ৰহণৰ বাবে সংবাদ মাধ্যমক দোষাৰোপ কৰিব পাৰি। মিডিয়া চেনেলত হিংসাত্মক ঘটনা চোৱাটো ছাত্ৰ-ছাত্ৰীৰ আক্ৰমণাত্মক আচৰণৰ ফল। “প্ৰাইম টাইমত” প্ৰদৰ্শিত হোৱা ষাঠি শতাংশতকৈ অধিক টেলিভিছন অনুষ্ঠানত কোনো ধৰণৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। শিশু আৰু প্ৰাপ্তবয়স্কৰ বিপজ্জনক আচৰণত আনৰ লগতে হিংসাও অন্তৰ্ভুক্ত হ’ব পাৰে। তেওঁলোকৰ আক্ৰমণাত্মক আচৰণৰ বাবে ছাত্ৰ-ছাত্ৰীৰ পিতৃ-মাতৃ আৰু শিক্ষকৰ প্ৰতি কোনো সন্মান নাথাকে।
শিক্ষাৰ্থীৰ অধ্যয়নত দুৰ্বলতা নিয়মিতভাৱে টেলিভিছন চোৱাৰ ফল। শিক্ষা সম্পৰ্কে হোৱা এক গৱেষণাত দেখা গৈছে যে যিসকল শিশুৱে টেলিভিছন চোৱাত অধিক সময় উলিয়ায়, টিভিৰ প্ৰতি মনটো লেহেমীয়া কৰে, তেওঁলোকে পঢ়া-শুনাত মনোনিৱেশ কৰিব নোৱাৰে।
ফ্ৰান্সৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান “Legion of Honour” লাভ কৰা বিশিষ্ট ভাৰতীয় চিকিৎসা বিজ্ঞানী ডাঃ তলোৱাৰৰ টেলিভিছনৰ ওপৰত আগবঢ়োৱা এক মন্তব্য বৰ্তমান সময়ত প্ৰণিধানযোগ্য।
ডাঃ তলোৱাৰে কৈছিল, “মই টেলিভিছন একেবাৰেই নাচাওঁ। টেলিভিছন নাচালে কিতাপ পঢ়িবলৈ যথেষ্ট সময় উলিয়াব পাৰি। টেলিভিছনৰ যুগত কিতাপ পঢ়া লোকৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাবলৈ ধৰিছে। কিতাপ পঢ়া মানুহবোৰ এতিয়া সমাজৰ সংখ্যালঘু সম্প্ৰদায়। কিন্তু ভৱিষ্যতৰ সময়ত এই সংখ্যালঘু মানুহখিনিয়েই হ’ব আটাইতকৈ শক্তিশালী। পৃথিৱীখন শাসন কৰিব তেওঁলোকেই। কিয় জানেনে? কিতাপ নপঢ়ি কেৱল টেলিভিছন চাই থকা মানুহবোৰৰ চিন্তাশক্তি দ্ৰুতগতিত হ্ৰাস পায়। কাৰণ, তেওঁলোকৰ মগজুৰ ব্যায়াম একেবাৰেই নহয়। আনহাতে, কিতাপ পঢ়া মানুহৰ চিন্তাশক্তি অবিৰামভাৱে বাঢ়ি থাকে। কাৰণ, তেওঁলোকৰ মগজু সকলো সময়তে সক্ৰিয় হৈ থাকে। এতিয়া পৃথিৱীৰ মানুহবোৰ দুটা ভাগত বিভক্ত হ’বলৈ ধৰিছে—অলসভাৱে টেলিভিছন চাই সময় কটোৱা চিন্তাবিমুখ মানুহ আৰু কিতাপ পঢ়ি ভালপোৱা চিন্তাশীল মানুহ। যিহেতু মানুহৰ চিন্তাশক্তিয়েই হ’ল মানুহৰ সমাজ আৰু সভ্যতাৰ মূল চালিকা শক্তি, গতিকে কোৱা বাহুল্য যে কিতাপ পঢ়া চিন্তাশীল লোকসকলেই ভৱিষ্যতৰ পৃথিৱীখন শাসন কৰিব। টেলিভিছন চাই-চাই জীৱনটো পাত কৰা অলস আমোদ-প্ৰিয় মানুহবোৰৰ সেইখন পৃথিৱীত বিশেষ একো ভূমিকা নাথাকিব।”
ডাঃ তলোৱাৰে কোৱা “কিতাপ পঢ়া মানুহে পৃথিৱীখন শাসন কৰিব” বুলি কোৱা কথাষাৰ এশ শতাংশই শুদ্ধ। বিশ্বৰ ধনী ব্যক্তিসকলৰ যদি দৈনন্দিন ৰুটিনখন আমি পৰ্যবেক্ষণ কৰোঁ, তেতিয়া দেখিম যে তেওঁলোকৰ দৈনন্দিন কামসমূহৰ মাজত অতি গুৰুত্বপূৰ্ণ এটি কাম হ’ল কিতাপ পঢ়া।
বিশ্বৰ অন্যতম ধনী ব্যক্তি ৱাৰেন বাফেটে প্ৰতিদিনে পাঁচৰ পৰা ছয় ঘণ্টা পাঁচখন বাতৰি কাকত আৰু ৫০০ পৃষ্ঠাৰ “কৰ্পৰেট” প্ৰতিবেদন পঢ়িবলৈ খৰচ কৰে। বিল গেটছে বছৰি ৫০খন কিতাপ পঢ়ে। মাৰ্ক জুকাৰবাৰ্গে প্ৰতি দুসপ্তাহৰ মূৰে মূৰে অন্ততঃ এখন কিতাপ পঢ়ে। আনহাতে, বৰ্তমান সময়ৰ বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কে দিনটোত দুখন কিতাপ পঢ়ি ডাঙৰ হৈছিল।
আৰু এইসকল পুঁজিপতি ব্যক্তিয়েই আজি নিজৰ অনবদ্য প্ৰযুক্তিৰ মাধ্যমেৰে বৰ্তমানৰ পৃথিৱীখন শাসন কৰি আছে। সেয়ে বৰ্তমান নৱ-প্ৰজন্মই এইটো বুজি উঠিব লাগিব যে যদিহে তেওঁলোকে কোনো ক্ষেত্ৰত সফল হ’বলৈ বিচাৰে, তেন্তে তেওঁলোকে হতাশা, কৰ্মবিমুখতা আৰু কৰ্মস্পৃহাহীনতা ত্যাগ কৰি প্ৰচুৰ অধ্যয়ন কৰিব লাগিব। ইয়াৰ বাহিৰে অন্য গত্যন্তৰ নাই।
এইখিনিতে বিখ্যাত ইংৰাজ কবি থমাছ হুডে কোৱা কথাষাৰ উল্লেখ কৰিব পাৰোঁ। তেওঁ কৈছিল, “মোৰ কিতাপবোৰে মোক সদায় জুৱাৰীৰ আড্ডা, মদপীৰ সংগ আৰু ধোদৰ পচলা নিষ্কৰ্মাবোৰৰ মেলৰ পৰা আঁতৰাই ৰাখে। যি মানুহে পোপ আৰু এডিছনৰ সান্নিধ্য পাইছে, যি মানুহে মিল্টন আৰু শ্বেইক্সপীয়েৰৰ নীৰৱ কিন্তু মহৎ চিন্তাধাৰাৰ অংশ লোৱাৰ সুযোগ পাইছে, তেওঁ নিশ্চয় অসৎ আৰু হীন সংগ কেতিয়াও সহ্য কৰিব নোৱাৰে।”
কিতাপ পঢ়াৰ সপক্ষে এইটো এটা বৰ ডাঙৰ যুক্তি। কিতাপে যে অকল মানসিক স্বাস্থ্যৰ বিকাশ তথা হতাশাৰ পৰা মুক্তি দিয়াত সহায় কৰে এনে নহয়; আজিৰ সময়খিনি সঠিক কামত লগোৱা, বেয়া সংগৰ পৰা দূৰত ৰখাৰ দৰে কামো এখন কিতাপে কৰিব পাৰে। থমাছ হুডৰ ওপৰোক্ত কথাষাৰো বৰ্তমান মোবাইল আৰু দূৰদৰ্শনত ব্যস্ত যুৱ-প্ৰজন্মৰ বাবে যথেষ্ট তাৎপৰ্য বহন কৰে।
তাৰোপৰি বৰ্তমান নৱ-প্ৰজন্মৰ হতাশাৰ অন্য কাৰক হিচাপে পৰিগণিত হৈছে নিবনুৱা সমস্যা। ভাৰতৰ দৰে উন্নয়নশীল দেশ এখনৰ উন্নতিত এই সমস্যাই বাধাৰ সৃষ্টি কৰিছে। বি.বি.চি. (BBC)-ৰ শেহতীয়া এক তথ্য অনুসৰি, ২০১৪ৰ পৰা ২০২২ বৰ্ষলৈকে ভাৰতত নিয়োগৰ হাৰ কেৱল ০.৩৩% আৰু নৱ-প্ৰজন্মৰ মাজত দেখা দিয়া হতাশা ইয়াৰ অন্যতম এক মুখ্য কাৰণ বুলি ক’লেও ভুল কোৱা নহ’ব। কিয়নো, যেতিয়া কোনো এজন শিক্ষাৰ্থীয়ে পঢ়ি-শুনি অধ্যয়নপুষ্ট হোৱাৰ পিছতো যদি সাধাৰণ চাকৰি এটাৰ বাবে হাবাথুৰি খাবলগীয়া হয়, তেনে ক্ষেত্ৰত সেই শিক্ষাৰ্থীজন হতাশ হৈ কৰ্মস্পৃহা যে হেৰুৱাব, সেই কথা নুই কৰিব নোৱাৰি।
শেহতীয়াকৈ সমগ্ৰ বিশ্বতে স্নাতক ডিগ্ৰী লাভ কৰা বৃহৎ সংখ্যকে নিজৰ অৰ্হতাৰ সমানুপাতিক চাকৰি বিচাৰি পোৱা নাই আৰু তেওঁলোকে নিৰাশাত ভুগিছে। সমগ্ৰ বিশ্বতে যুৱ নিবনুৱা সমস্যা বিভিন্ন মাত্ৰাত উপস্থিত হৈছে। ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰত ই ১৭ শতাংশতকৈও অধিক। ইউৰোপত পৰিস্থিতি অধিক বেয়া। গ্ৰীচত নিবনুৱা সমস্যা প্ৰায় ৬০ শতাংশ, তাৰ পিছতে স্পেইনত ৫৫ শতাংশ, ইটালীত ৩৫ শতাংশ আৰু ফ্ৰান্সত ২৫ শতাংশ।
এইসমূহৰ উপৰি “জেনেৰেচন গেপ”, অত্যধিক মাদক দ্ৰব্য সেৱন, ড্ৰাগছ-ফিট বা পৰ্ণগ্ৰাফী ইত্যাদি কাৰকেও বৰ্তমান নৱ-প্ৰজন্মৰ মাজত কৰ্মস্পৃহাহীনতাৰ বাবে কম-বেছি পৰিমাণে দায়ী।
কৰ্মস্পৃহাহীনতাৰ বাবে সৃষ্টি হোৱা নিবনুৱা সমস্যা সমাজ তথা দেশ এখনৰ বাবে অত্যন্ত ভয়ানক।
ছুইডেনৰ উত্তৰ অংশৰ এখন পেৰিছসভাত পাঁচ বছৰৰ সময়ছোৱাত এটা অধ্যয়ন কৰা হৈছিল, য’ত যুৱক-যুৱতীসকলৰ নিবনুৱাৰ হাৰ ৬%ৰ পৰা ৮%ৰ ভিতৰত আছিল। বিদ্যালয়ৰ শেষৰ বৰ্ষৰ ১০৮৩ গৰাকী ছাত্ৰ-ছাত্ৰীক এই অধ্যয়নত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু ইয়াৰে ৯৮% ছাত্ৰ-ছাত্ৰীক পাঁচ বছৰৰ পিছত অনুসৰণ কৰা হৈছিল। অধ্যয়নৰ মূল ফলাফলসমূহত দেখা গৈছিল যে দীৰ্ঘদিনীয়া নিবনুৱা যুৱক-যুৱতীসকলৰ মাজত শাৰীৰিক আৰু মানসিক লক্ষণসমূহৰ লগতে ধূমপানৰ অভ্যাস আৰু ভাং সেৱনৰ পৰিমাণ অধিক বৃদ্ধি পাইছে। ইয়াৰ উপৰি চিষ্টোলিক ৰক্তচাপ, আনহাতে দীৰ্ঘদিনীয়া নিবনুৱা ল’ৰাৰ মাজত মদ্যপান আৰু অপৰাধৰ হাৰ অধিক বৃদ্ধি পোৱা দেখা গৈছিল।
“বিশ্ব স্বাস্থ্য সংস্থা” (WHO)-ৰ এক প্ৰতিবেদন মতে, বৰ্তমান প্ৰতি ১৫–২০ ছেকেণ্ডত এজনকৈ ব্যক্তি এইডছত আক্ৰান্ত হৈ আহিছে আৰু ড্ৰাগছ সেৱন কৰা ব্যক্তিসকলৰ বেছিভাগেই ১৭–১৮ বছৰ বয়সৰ বুলি ধাৰণা কৰা হৈছে। ইয়াৰ মূল কাৰণ হিচাপে নিবনুৱা সমস্যাকে ঠাৱৰ কৰা হৈছে, যাৰ প্ৰত্যক্ষ সংযোগ “হতাশা”ৰ লগত জড়িত।
২০০৯ চনত আমেৰিকাই ১৯৮২–১৯৮৩ চনৰ পিছত সৰ্বাধিক নিবনুৱাৰ হাৰৰ সন্মুখীন হৈছিল। ২০০৯ চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে আমেৰিকাত ৰাষ্ট্ৰীয় নিবনুৱাৰ হাৰ ৭.৭%ৰ পৰা ১০.০%লৈ বৃদ্ধি পাইছিল। এই একে সময়ছোৱাত “নেভাডা”ত নিবনুৱাৰ হাৰ ৯.৬%ৰ পৰা ১৩.০%লৈ বৃদ্ধি পায়, যিটো দেশখনৰ সৰ্বকালৰ ভিতৰতে সৰ্বাধিক।
২০০৯ চনত আমেৰিকাত হোৱা এই নিবনুৱা সমস্যাই তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল। উল্লেখযোগ্য যে যিসকল লোকে চাকৰি হেৰুৱাইছিল, তেওঁলোকৰ মানসিক স্থিতি একেবাৰেই ঠিক নাছিল। গতিকে এই গৱেষণালব্ধ অধ্যয়নটোৰ পৰা আমি পতিয়ন যাব পাৰোঁ যে কৰ্মস্পৃহাহীনতা মানসিক স্বাস্থ্য তথা হতাশাৰ মূল কাৰণসমূহৰ ভিতৰত অন্যতম।
মুঠৰ ওপৰত ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিসমূহ গোলকীয় সমস্যা, যেনে নিবনুৱা সমস্যা, দুৰ্বল মানসিক স্থিতি, হত্যা, ধৰ্ষণ অথবা ড্ৰাগছ ছিণ্ডিকেট—এই সমস্যাবোৰৰ লগত যুৱ-প্ৰজন্মৰ কৰ্মস্পৃহাহীনতাৰ সমস্যাটো ওতপ্ৰোতভাৱে জড়িত হৈ আছে।
বিশ্ববিখ্যাত লেখিকা আগাথা ক্ৰিষ্টিয়ে (Agatha Christie) কৈছিল—
“To every problem, there is a most simple solution.”
অৰ্থাৎ, হতাশা যদি আমাৰ বাবে এটি সমস্যা হয়, তেন্তে এই সমস্যাৰো সহজ সমাধান আমাৰ ওচৰত আছে। সেয়ে আমি হতাশাৰ পৰা মুক্তি লাভ কৰিব লাগিব, আমি সপোন দেখিব লাগিব আৰু সেই সপোনক বাস্তৱত ৰূপায়িত কৰিব লাগিব।
নৱ-প্ৰজন্মৰ মাজত হতাশা দূৰ কৰিবলৈ কেইটামান দিশ নিম্নোক্ত ধৰণৰ—
১) নতুন প্ৰজন্মক নৈতিকতা আৰু মূল্যবোধৰ শিক্ষণি দিব লাগিব। মানুহৰ সংস্পৰ্শৰ পৰা আঁতৰি যন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল হ’বলৈ ধৰা নতুন প্ৰজন্মই নৈতিকতা আৰু মূল্যবোধেৰে বলীয়ান হ’লেহে মানৱীয় গুণসমূহ ধৰি ৰাখিব পাৰিব। তেওঁলোকৰ নৈতিকতা আৰু মূল্যবোধৰ আদৰ্শ হ’ব লাগিব আমি পিতৃ-মাতৃ, অভিভাৱকসকল। তেনে হ’বলৈ হ’লে আমি নিজেই নৈতিকতা আৰু মূল্যবোধৰ ভেটি গঢ়িব লাগিব।
২) বৰ্তমান সময়ত অভিভাৱকসকল নিজৰ জীৱনত অত্যধিক ব্যস্ত। অভিভাৱকসকলে নিজৰ কেৰিয়াৰৰ বাবে ল’ৰা-ছোৱালীক অৱহেলা কৰা দেখা গৈছে। পদোন্নতি, বোনাচ, ব্যৱসায়িক কাম-কাজ আদিৰ বাবে তেওঁলোকে নিজৰ কৰ্মস্থানত অধিক সময় দিছে। ফলত ঘৰত পৰিয়ালক দিয়া সময় বৰকৈ কমি গৈছে। প্ৰতিগৰাকী পিতৃ-মাতৃ, অভিভাৱকৰ বাবে সন্তানৰ বাবে দিনটোৰ কিছু সময় আঁচুতীয়াকৈ ৰখাটো অতি আৱশ্যকীয়, যাতে শিশু অৱস্থাতে ল’ৰা বা ছোৱালীজনীয়ে অকলশৰীয়া বোধ কৰি হতাশাত নোভোগে।
৩) নৱ-প্ৰজন্মই নিজৰ প্ৰতিভা অনুসৰি প্ৰায় প্ৰতিটো ক্ষেত্ৰতে আগুৱাই যোৱাৰ বাবে আজিৰ দিনত যথেষ্ট সুযোগ-সুবিধাৰ সৃষ্টি হৈছে। কিন্তু অভিভাৱকসকলে প্ৰায়েই নিজৰ আশা-আকাংক্ষাবোৰ ল’ৰা-ছোৱালীৰ ওপৰত জাপি দিবলৈ চেষ্টা কৰা দেখা যায়। ল’ৰা-ছোৱালীৰ নিজৰ প্ৰতিভা বিকশিত কৰাৰ সলনি তেওঁলোকক অভিভাৱকে নিজৰ অপূৰ্ণ সপোন পূৰণ কৰিবলৈ একপ্ৰকাৰ বাধ্য কৰায়। যাৰ বাবে নিজৰ অপছন্দৰ বিষয় এটি আজীৱন পঢ়ি তেওঁলোকে হতাশাৰ দৰে সমস্যাত ভোগে। সেয়েহে জীৱনৰ বাটত বহুতো ল’ৰা-ছোৱালী দিগ্ভ্ৰান্ত হৈ পৰে। এই ক্ষেত্ৰত অভিভাৱকসকলে নিজৰ পছন্দৰ অনুসৰি ল’ৰা বা ছোৱালীজনীক সি বা তাই পঢ়িব বিচৰা বিষয় এটি পঢ়িবলৈ স্বাধীনতা দিব লাগে। তেতিয়াই এনে সমস্যাৰ অন্ত পৰিব।
৪) আমি প্ৰতিযোগিতাৰ জগতখনত আমাৰ ল’ৰা-ছোৱালীয়ে আনৰ ল’ৰা-ছোৱালীতকৈ সদায় আগবাঢ়ি থকাটো বিচাৰোঁ। আমি প্ৰায়েই সিহঁতৰ সফলতা বা বিফলতা আনৰ লগত তুলনা কৰোঁ। ল’ৰা-ছোৱালীৰ সাফল্যত যিদৰে আমি অত্যন্ত আনন্দিত হওঁ, সেইদৰে সিহঁতৰ বিফলতাত সাংঘাতিকভাৱে নিৰাশ হওঁ। আমি সিহঁতক বিফলতাৰ পৰা শিক্ষা লৈ আগবাঢ়ি যাবলৈ উৎসাহিত কৰাৰ পৰিৱৰ্তে বিফলতাৰ সমগ্ৰ দোষ সিহঁতৰ ওপৰত জাপি দিয়াৰ প্ৰয়াস কৰোঁ। আমাৰ এনে মানসিকতাৰ বাবেই সিহঁতে সকলো কাম প্ৰচণ্ড মানসিক চাপৰ মাজত কৰিবলগীয়া হয়। সিহঁতে বিফলতাক হাঁহিমুখে স্বীকাৰ কৰিবলৈ অক্ষম হৈ পৰে। এই ক্ষেত্ৰত যদি সমাজ তথা অভিভাৱকে ছাত্ৰ-ছাত্ৰীসকলক বিফলতাৰ মাজতো সফলতাৰ উৎস বিচাৰি পাবলৈ অনুপ্ৰেৰণা যোগায়, তেন্তে এই সমস্যাৰো সমাধান নিশ্চিত।
৫) আমি বুজি নাপাওঁ যে আজিৰ সময়ৰ ল’ৰা-ছোৱালীয়ে বহুতো সোনকালে প্ৰাপ্তবয়স্কৰ জগতত প্ৰৱেশ কৰে। টেলিভিছন, ইণ্টাৰনেট আদি মাধ্যমৰ যোগেদি কম বয়সতে আজিৰ ল’ৰা-ছোৱালীয়ে প্ৰাপ্তবয়স্কই জানিবলগীয়া বহুতো কথাৰ লগত পৰিচিত হয়। আচৰিত কথা যে আমি ঘৰতে ল’ৰা-ছোৱালীৰ লগত বহি যৌনগন্ধী চিনেমা চাওঁ, কিন্তু যৌনতাৰ বিষয়ে আলোচনা কৰিবলৈ সংকোচ কৰোঁ। যৌনতাৰ বিষয়ে মুকলিকৈ আলোচনা কৰি উঠি অহা ল’ৰা-ছোৱালীক এই বিষয়ে সচেতন আৰু সাৱধান কৰাৰ মানসিক পৰিপক্বতাও আমাৰ গঢ়ি উঠা নাই। ইয়াৰ ফলত সিহঁতে প্ৰাপ্তবয়স্কৰ জগতখনৰ কথা জানিবলৈ সহজতে পোৱা বিকল্প পথ বিচাৰি লয়। মোবাইল ফোনে নিষিদ্ধ জগতৰ বহুতো কথা উঠি অহা ল’ৰা-ছোৱালীৰ হাতৰ মুঠিলৈ লৈ আহিছে, সেই কথা আমি দেখিও নেদেখা হৈ থাকোঁ। মানুহৰ শিক্ষাৰ আখৰাতলী হ’ল নিজৰ ঘৰখন। সেয়ে ছাত্ৰ-ছাত্ৰীসকলক যদি ঘৰখনতে “যৌনতা মানৱ জীৱনৰ এক অংশ আৰু ইয়াত কোনো লাজ বা ভয় কৰিবলগীয়া কথা নাই”—এনেধৰণৰ পাঠ পঢ়োৱা হয়, তেন্তে এই সমস্যাৰো সমাধান হ’ব।
ওপৰোক্ত কথাখিনিৰ ভিত্তিত ক’ব পাৰি যে কাম কৰিবলৈ স্পৃহা থাকিলে হতাশাই কোনো ব্যক্তিকে সফল হোৱাত বাধা দিব নোৱাৰে।
অসমৰ বিশিষ্ট সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিদেৱে “কাম কৰাৰ আনন্দ”ত লিখিছে, “কাম কৰি ভাল পাবলৈ শিকাৰ আটাইতকৈ সহজ আৰু উত্তম উপায়টো হৈছে, যিটো কাম কৰা, তাক গভীৰ মনোযোগ দি সুন্দৰ আৰু নিখুঁতভাৱে কৰিবলৈ চেষ্টা কৰা। উপদেশতকৈ আদৰ্শ সদায় বেছি ভাল। মই ঘৰৰ সকলো কাম-কাজ যেনে—মজিয়া সৰা, ঘৰ-চাফা কৰা, বাচন ধোৱা, কাপোৰ ধোৱা—এই গোটেইবোৰ কাম কৰি ভাল পাওঁ। এতিয়া নহয়, ল’ৰাকালৰ পৰাই ভাল পাওঁ।”
বৰগোহাঞিদেৱৰ এই মহৎ কথাষাৰে প্ৰতিপন্ন কৰে যে কাম কৰিবলৈ বয়স কোনো বাধাৰ কাৰক হ’ব নোৱাৰে, সেয়া লাগিলে ল’ৰালিয়েই হওক অথবা বৃদ্ধাৱস্থা।
এইখিনিতে বিশ্ববিখ্যাত দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেলৰ জীৱনৰ এটি কথা উনুকিয়াব পাৰি।
৯০ বছৰ বয়সত ৰাছেলৰ দৈনন্দিন ৰুটিন আছিল এনেধৰণৰ—
ৰাতিপুৱা ৮ বজাৰ পৰা ১১:৩০ বজালৈ বাতৰি-কাকত পঢ়া।
১১:৩০ বজাৰ পৰা দৰ্শনাৰ্থীক দেখা কৰা।
২–৪ বজালৈ কিতাপ পঢ়া।
৪–৭ বজালৈ লিখা আৰু মানুহক দেখা কৰা।
৮ বজাৰ পৰা মাজৰাতি ১ বজালৈকে লিখা আৰু পঢ়া।
ৰুটিনখন ভালকৈ মন কৰিলে আমি দেখিম যে দুপৰীয়া ১–২ বজাৰ এঘণ্টাৰ বিৰতিৰ বাহিৰে খাবলৈ বা শুবলৈ ৯০ বছৰীয়া এই বৃদ্ধ লোকজনে এক মিনিট সময়ো বেছিকৈ লোৱা নাই।
দৰাচলতে, কাম কৰাৰ আনন্দই মতলীয়া কৰা মানুহৰ স্বভাৱ-চৰিত্ৰ এনেকুৱাই হয়। জীৱনৰ হতাশাই তেওঁলোকৰ সপোন বাস্তৱত পৰিণত হোৱাত বাধা দিব নোৱাৰে।
শেষত, বিশ্ববিখ্যাত দাৰ্শনিক ভল্টেয়াৰে কোৱা এটি মহান বাণীৰে সামৰিছোঁ—
“জীৱনৰ বাটত মই যিমানেই আগবাঢ়িছোঁ, সিমানেই কাম কৰাৰ প্ৰয়োজন মই বেছিকৈ অনুভৱ কৰিছোঁ। মানুহৰ জীৱনৰ শেষ পৰ্যন্ত কামেই হৈ পৰে গভীৰতম আনন্দৰ উৎস। মোহভংগই সৃষ্টি কৰা শূন্যতা পূৰণ কৰিব পাৰে কেৱল কামে।”
সহায়ক সমলঃ
১) কাম কৰাৰ আনন্দ — হোমেন বৰগোহাঞি।
২) ইণ্টাৰনেট।
অভিৰাজ দত্ত
একেই বিষয়ৰ আৰু লিখনি

সাম্প্ৰতিক সময়ৰ অসমীয়া আলোচনী: সাহিত্য আৰু যুৱ সমাজৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা
সাম্প্ৰতিক সময়ৰ অসমীয়া আলোচনী: সাহিত্য আৰু যুৱ সমাজৰ ক্ষেত্ৰত ইয়াৰ ভূমিকা

যুগশ্ৰষ্টাৰ জীৱন গাঁথা — সংগীত আৰু জুবিন
যুগশ্ৰষ্টাৰ জীৱন গাঁথা — সংগীত আৰু জুবিন
