Xahitya.com
লিখনিলৈ উভতি যাওক
গল্প

গেৰাম

আভিৰাজ দত্ত·২৫ অক্টোবৰ, ২০২৬·২২ দৰ্শন
গেৰাম

গেৰাম

।। এক ।।

“তক কত টাকা লাগে, আমি দিমু। এইনা নাটক কৰবি না।”

“তই কাক দম দিবলে আহিছ? চুৱাৰ বাচ্চা, থুই চাল্লা… ওলা বুলি কৈছো নহয় ওলা। তই, ওলা ইয়াৰ পৰা।”

“এ হ’ব, জাই তলি। দুই দিন খাইবাৰ নাপাইলি আমাৰ বগলে দৌৰা আছপি।”

উছমান দপদপাই কোঠাৰ পৰা ওলাই গ’ল। বাহিৰৰ ঘুমতিখনৰ পৰা চিগাৰেট এটা কিনি জ্বলালে। খং উঠিলে উছমানৰ হাত-ভৰিবোৰ কঁপিবলৈ ধৰে। তাৰ চকু দুটাও ৰঙা পৰি গ’ল। আজি এজনী মাইকী মানুহে তাক দম দিছে। বস্তিৰ সকলোৱে শুনিছে। সিহঁতৰ আগত আজি তাৰ চব ইজ্জত শেষ হৈ গ’ল।

মদ খাই সি ৰাস্তাত পৰি থাকে। কাজিয়া লাগি নাক-মুখো ভাঙি গৈছে আগতে। এইবোৰলৈ সি কেৰেপেই নকৰে। কিন্তু আজি? এজনী মাইকী মানুহে যেন তাৰ পুৰুষত্বক অংগুষ্ঠ দেখুৱালে… এইটো সি হজম কৰিব পৰা নাই। এই উত্তেজনাক সি শান্ত কৰিবই লাগিব। মদ খাবলৈ তাৰ ইচ্ছা যোৱা নাই। এই উত্তেজনা প্ৰশমিত কৰিবলৈ আজি সি কোনো দেহোপজীৱিনীৰ শয্যাসংগী হ’ব লাগিব। সি জানে, পতিতালয়ৰ জুপুৰিবোৰৰ প্ৰতিখন দুৱাৰ তাৰ কাৰণে বিনামূল্যেই খোল খাই যায়।

।। দুই ।।

উছমানে চিগাৰেট এটা জ্বলালে। গোটেই আন্ধাৰ কোঠাটোত জ্বলন্ত চিগাৰেটৰ স্ফুলিংগটো পূৰ্ণিমাৰ জোনটোৰ নিচিনাকৈ যেন ফটফটিয়া হৈ পৰিছে।

পৰীয়ে সৰু চাকিটো জ্বলাই আনি কোঠাটোৰ মজিয়াত থ’লে। বিচনাখনৰ বাহিৰে চাকিটো থ’বলৈ দ্বিতীয় এপদ আচবাব কোঠাটোত নাই। পৰী আহি বিচনাখনত বহিল। উছমানে তাইৰ কঁকালটোত ধৰি ঠেলা মাৰি তাইক বিচনাখনত শুৱাই দিলে। সি তাইৰ শাৰীৰ আঁচলখন আঁতৰাই তাইৰ গালে-মুখে তিঁয়াই চুমা খাবলৈ ধৰিলে। পৰীয়ে নিজকে বিচনাত সমৰ্পণ কৰিলে, যেন যুদ্ধত পৰাজিত কোনো দেশৰ সেনানায়কে শত্ৰু ৰাষ্ট্ৰৰ সেনানায়কৰ সন্মুখত নতি স্বীকাৰ কৰিছে।

আৰু তাৰপিছত…..

সেই মানৱ ক্ৰমিকাশৰ মৌলিক প্ৰয়োজনবিধ, যাৰ স্পৰ্শৰ পৰা দেৱী-দেৱতাও সাৰি যোৱা নাছিল।

“কি হ’ল তোৰ আজি? ওৰহিৰ খং ভগা ঢাৰিত জাৰিছ যে?”

উছমানৰ উদং বুকুৰ নোমবোৰৰ মাজত আলফুলকৈ হাতেৰে কুণ্ডলী পকাই-পকাই পৰীয়ে সুধিলে।

“কি কৱ?”

“ইমান আকুহি-বাকুহিলি? কাৰ খঙ মোৰ ওপৰত উলিয়ালি?”

“আছি, এটা, সাতবাতাৰি চাল্লী।”

“কাৰ কথা কৈছ?”

উছমানে শুৱাৰ পৰা উঠি তাৰ উদং গাত আওপুৰণি কোটটো পিন্ধি ল’লে। কোটৰ জেপৰ পৰা চিগাৰেট এটা উলিয়াই জ্বলালে। এমোকোৰা ধোঁৱা উৰুৱাই সি পৰীৰ ফালে কেৰাহিকৈ চাই ক’লে,

“ৰহিমা।”

“কি কৰিলে আকৌ তাই?”

“চাল্লীৰ দং বেছি। কাষ্টমাৰ আইছে, সুখী ৰাখ, তাই কাষ্টমাৰক নাৰাজ কৰিছে। কাষ্টমাৰ আমাৰ ঠিকা পইচা ঘূৰাই এ নিছে।”

পৰীয়ে একো উত্তৰ নিদিলে। তাই জানে, তাই যদি ৰহিমাৰ ফালে মাত মাতি উছমানক কিবা এটা কয়, উছমানে তাইৰ ওচৰলৈ আৰু কাষ্টমাৰ নপঠাব। ৰূপ-লাৱণ্যৰ ফালৰ পৰা তাইৰ অদ্বিতীয় যদিও ইতিমধ্যে বয়সৰ চাপে তাইৰ চেহেৰাত দেখা দিছে। প্ৰসাধনে সেই চাপ কিঞ্চিত পৰিমাণে লুকোৱাই ৰাখে যদিও আৰু দুই-তিনিবছৰৰ পিছত সেয়া লুকাই নাথাকিব। এই দুটামান বছৰৰ ভিতৰতে তাই পইচা ঘটিব লাগিব, সেইকেইটা পইচাৰে তাই ঘুমতি এখন খুলিব আৰু এই নৰককুণ্ডৰ পৰা ওলাই যাব। উছমানে তাইক কেইটামান ধনী কাষ্টমাৰ আনি দিম বুলিও কৈছে। ঘণ্টাত সিহঁতক পঞ্চাছ হাজাৰ টকা পৰ্যন্ত পইচা দিব হেনো। এতিয়া, তাই ৰহিমাৰ সপক্ষে যুক্তি দি নিজেই খুঁটি পুতি উজুতি খাব নোখোজে।

“চাহ-একাপ খাই যা ৰহ!”

“আহনৰ চাহ খাবনা। আমাৰ কাম আছে, আমি যায়। কাষ্টমাৰ পাইলি কৈ ৰহ তোক।”

উছমান কোবাকুবিকৈ কোঠাটোৰ পৰা ওলাই গ’ল।

উছমান যোৱাৰ পিছত পৰীয়ে দুৱাৰখন জপাই দিয়ে। ভগা বেৰত আঁৰি থোৱা আঁচীখনত তাই নিজকে এবাৰ চালে। কিঞ্চিৎ পোহৰত উদ্ভাসিত হৈ পৰিছে বয়সৰ ৰেখা, ডিঙিত দৈত্যৰ দাঁতৰ কামোৰৰ দাগবোৰ। এই দাগবোৰ ক্ষণস্থায়ী, কিন্তু তাইৰ অন্তৰত সি দিয়া সেই দাগবোৰ? সেইবোৰ জানো মচ খাব কেতিয়াবা?

।। তিনি ।।

ৰহিমাই গা-ধুই আহি কোঠাটোৰ বিচনাখনত বহিল। কালিৰ ঘটনাটোৱে তাইক এতিয়াও খুলি-খুলি খাইছে। উছমানে ঠিকেই কৈছিল, পইচাৰ অভাৱ হ’লে তাই উছমানৰ ওচৰলৈকে যাব লাগিব। নহ’লে? নহ’লে তাই খাব কি? পুৰণা কাপোৰকেইখনেৰে তাই লজ্জা নিবাৰণ কৰিব পাৰিব। কিন্তু এই পেটৰ ভোকটো? সেইটো মাৰিবলৈ হ’লে তাই নিজকে মৰাৰ বাহিৰে আন বিকল্প নাই। তাই আত্মহত্যা কৰিব!!

“হে খোদা! মোক মাফ কৰি দিয়া? মই কি মহাপাপ কৰাৰ কথা ভাবিছো? আল্লাহে মোক মাফ নকৰিব?”

“কোন আল্লাহ? আল্লাহ সঁচাকৈ আছে নে? যদি আল্লাহে চাই আছে, মোৰ লগত কিয় ইমান অন্যায় কৰিলে? মই কাৰ কি অপকাৰ কৰিলো? উছমানৰ দৰে চয়তানবোৰক আল্লাহে কিয় শাস্তি নিদিয়ে? সিহঁতক জাহান্নামত নিনিয়ে কিয়?”

ৰহিমাই নিজৰ অৱচেতন মনক এতিয়াও পতিয়ন নিয়াব পৰা নাই যে, আল্লাহ নাই। আল্লাহে যে তাইৰ দৰে দুৰ্ভগীয়া এজনীক সহায় কৰিবলৈ কোনো ফৰিস্তা পঠিয়াই নিদিয়ে!

ইছমাইল তাইৰ বাবে ষ্টেচনত ৰৈ থাকিব। তাই আজি ইছমাইলক লগ কৰিব। তাৰ পিছত দুয়োটা গুৱাহাটী অভিমুখী ৰে’লত এক নতুন জীৱনৰ সন্ধানত ৰাওনা হ’ব। ৰহিমাৰ বাপেকে তাইক ইছমাইলৰ লগত নিকাহ নিদিয়ে। সি এটা মদাহী। ইছলামত মদ হাৰাম। মৌলবী এজনে যদি মদাহী এটালৈ জীয়েকক নিকাহ দিয়ে, সমাজে তেওঁক থুৱাব।

কিন্তু ইছমাইল! তাই নোৱাৰে তাক এৰিব! মদাহী হ’লেও তাই তাক ভাল পায়। ইছমাইলেও তাইক এৰিব নোখোজে। তাইৰ ককায়েককেইটাই ইছমাইলক কিমানবাৰ মাৰ-ধৰ কৰিছে? সি চলোৱা ৰিক্সাখন এদিন তাৰ ঘৰতে কৈ ভাঙি পেলাইছিল। ইছমাইলে বহুতদিন দিন-মজুৰি কৰিলে। পিছত কিবাকৈ টাউনত কাৰোবাৰ পৰা ভাড়ালৈ লোৱা ৰিক্সা এখন চলাবলৈ ল’লে।

এইদৰে আৰু কিমানদিন? ককায়েক-বাপেকৰ কঠোৰ শাসনত ৰহিমাই একেখন গাঁৱতে থকা স্বত্বেও ইছমাইলক লগ কৰিব নোৱাৰা হ’ল। দেউতাক-ককায়েকৰ চকুত ধূলি দি তাই ইছমাইলক লগ কৰিলে। এনেকৈ আৰু কিমান দিন! কাইলৈয়ে সিহঁতি গুৱাহাটীলৈ যাবলৈ ওলাল।

ইছমাইল তাইৰ বাবে ৰে’ল ষ্টেচনত ৰৈ থাকিব। তাই আজি ইছমাইলক লগ কৰিব।

গুৱাহাটীত আহি সিহঁতি বস্তি এটাত থাকিবলৈ ল’লে। ইছমাইলে ঠেলা চলায়, ৰহিমাই কাপোৰ চিলোৱা দোকানত কাম কৰি দুপইচা ঘটায়। দুটা প্ৰাণী, এৰা-ধৰাৰ মাজেৰে তেনেকৈয়ে চলি থাকিল দুটা বছৰ।

ইছমাইলৰ এক্সিডেণ্ট হ’ল। ভৰিত বেয়াকৈ জখম হৈছে। চৰকাৰী হস্পিতালত ডাক্তৰে দৰৱ লিখি দিলে। পিছে, কামত নাহিল। ভৰিৰ জখম হোৱা ঠাইৰ পৰা বিজলুৱা ওলাবলৈ ল’লে। ৰহিমাৰ তাক এবাৰ প্ৰাইভেট হস্পিতাললৈ নিবলৈ মন আছিল। কিন্তু পইচা যোগাৰ নহ’ল। ইছমাইল বিচনাৰ পৰা উঠিব নোৱাৰে। তাৰ ভৰিটোৱেও লাহে-লাহে গেলিবলৈ ধৰিলে। ভৰিটো খুব বেয়াকৈ গোন্ধায়। সেয়েহে, বস্তিৰ মানুহেও তাৰ খবৰ কৰিবলৈ নহা হ’ল। ইছমাইলক আল-পেচান ধৰোঁতেই ৰহিমাৰ দিনটো যায়। তাই কাপোৰ চিলোৱা কামটো বাদ দিলে।

ইছমাইলৰ মাত-বোল বন্ধ হ’ল। তিনিদিনৰ দিনা সি মৰিল। বস্তীৰ ওচৰৰ ৰাজহুৱা কবৰস্থানখনত তাক বস্তীৰ মুছলমান কেইজনমানে কবৰ দিলে।

কাম এৰি দিয়া ৰহিমাই আকৌ কাম বিচাৰি গুৱাহাটীৰ অলিয়ে-গলিয়ে ঘূৰি ফুৰিবলৈ ধৰিলে। নাই, তাইৰ কাৰণে এই কংক্ৰিটৰ চহৰখনত সামান্য কাম এটাও নোলাল।

“ৰহিমা বুবু, ৰহিমা বুবু, দুৱাৰতা খোলো।”

ৰহিমাই দুৱাৰখন খুলিলে।

“আপুনি?”

“আমি উছমান। ইছমাইলেৰ বন্ধু। আপনাক একটা কথা কৈবৰ আছিলাম।”

কি কথা?

“ইছমাইল মৰাৰ পৰা আপনাৰ বহুত কষ্ট হৈছে। একদিন আমাৰ সাতে গাৰাম এ দহা হৈছিলো, তহন কৈইল আমাক।”

“তাকেহে উছমান, খুব দিগদাৰ হৈছে অ' চলিবলৈ”

“যদি আপনা চান জেগা একটা আছে। হোনা আপনা থাকা পাৰবেন। তাৰ সাতে আপনা থাকতা কোনো যাতা অসুবিধা না হয়,তাৰ জানা আমি ব্যৱস্থা কৈইৰা দিমো”

ৰহিমাই উছমানক কি উত্তৰ দিব একো ভাবি নাপালে। উছমানৰ ভাষাৰ কথনশৈলীতে তাই গম পাইছে, সি কোনো চৰ-অঞ্চলৰেই হ’ব। বস্তিতো এনেকৈ কথা কোৱা লোক ধেৰ আছে। দুবছৰে সিহঁতৰ লগত কথা পাতি তাইও ভাষাটো জনা হৈছে। কিন্তু উছমান! ইছমাইলৰ মুখত কাহানিও তাই এই নামটো শুনা নাই। ইমানেই যদি ইছমাইলৰ ভাল বন্ধু আছিল, তাৰ মুখত অন্ততঃ এবাৰ হ’লেও উছমানৰ নামটো শুনিলেহেঁতেন!!

“নাই, এইবোৰ মানুহক বিশ্বাস কৰিব নোৱাৰি।”

“বুবু, কি ভাবতাইছ?”

“নাই নাই একো নাই।”

“কালকা চৌকালা আপনা ৰেডি থাকপান। বস্তুপাতি গনা বানবান। আমি ট্ৰাক আনিৰো।হনা, আমৰা দুজন যাইব।”

উছমান গ’লগৈ।

ৰহিমাই ভাবি নাপালে তাই কি কৰিব? ইয়াত থাকিলে তাই নাখাই মৰিব আৰু যদি উছমানৰ লগত গুচি যায়, তেতিয়া….

।। চাৰি ।।

সি বেৰৰ ফাঁকেৰে জুমি চালে। ভিতৰৰ কোঠাটোৰ বিচনাখনত মাক শুই আছে। কিছু মুহূৰ্তৰ আগতে তাক কোঠাটোৰ পৰা গতা মাৰি উলিয়াই দিয়া ডাঙৰ মানুহটোৱে তাৰ মাকৰ গাৰ কাপোৰবোৰ খুলিছে। নাই, সি আৰু চাই থাকিব নোৱাৰে।

এদিন, দুদিন নহয়, সদায় মাকৰ ওচৰলৈ এনেকুৱা অচিনাকি মানুহ আহে। কোনোবা এটা মানুহ ঘৰৰ ভিতৰত সোমালেই মাকে তাক বাহিৰলৈ ওলাই যাবলৈ কয়। মাকক সি সুধিলে মাকে কয়, ডাঙৰ মানুহৰ কথা এইবোৰ। তই জানিব নালাগে। আগতে সি এইবোৰ ভালেই পাইছিল। সেই সময়খিনিত সি বাহিৰলৈ গৈ খেলেগৈ। সি এদিন নগ’ল। মাকে ভিতৰত সোমাই থকা মানুহটোৰ সৈতে কি কথা পাতে, সি বেৰৰ ফাঁকেৰে কাণ পাতি শুনিলে। দুই-এবাৰ মাকৰ চিৎকাৰ তাৰ কাণত পৰিল। ডাঙৰ মানুহৰ কি কথা এইবোৰ? সি যেন বুজিয়েই পোৱা নাই। সেইদিনা ৰাতি মাকক সোধাত মাকে ৰুদ্ৰচণ্ডী মূৰ্তি ধৰি তাক গুৰুলা-গুৰুলকৈ পিটিলে। তেতিয়াৰ পৰা সি বেৰত কাণ দি কথা নুশুনা হ’ল।

মজৰুল তাতকৈ কেইবছৰমান ডাঙৰ। দুই-নম্বৰী, ভাল-বেয়া সকলো কথা জানে সি। উছমানে এদিন তাক এইবিষয়ে সুধিলে। মজৰুলে খুব হাঁহিলে।

“আৰ, তোৰ মা একটা বেশ্যা।”

উছমানে বুজি নাপালে।

“দেখ, তগৰে বাৰীতে না মানুচ আইছে ,সেইগুনা তগৰে কাষ্টমাৰ। তোৰ মাৰ হে পইচা দেই।”

“এইভি পইচা দেই ?”

“ধুৰ, তোৰ মাৰ সাথে তগৰে কিস্তি -মিস্তি আছে”

“কিস্তি-মিস্তি মানে?”

“বৰো হ'লে চব বুজবা।”

উছমানে সেইদিনা মজৰুলৰ কথাবোৰ বুজি নাপালে।

কিন্তু এতিয়া সি ডাঙৰ হ’ল। মাকক দেউতাকৰ কথা সুধিলে মাকে তাক দেউতাক ক’ৰবালৈ ফুৰিবলৈ গৈছে বুলি কয়। কিন্তু ১৫ বছৰে মাকে তাক দিয়া এই উত্তৰটো যে ভুল সি গম পাইছে। সি মাকৰ এটা জহৰা সন্তান মাথোঁ।

“চৰ অঞ্চলত ব্যৱসায় কৰিবলৈ যোৱা নলবাৰীৰ ব্যৱসায়ীক হত্যা।” (বাতৰি-কাকতত প্ৰকাশিত)

পুলিচে উছমানক বিচাৰি ফুৰিছে। সি মানুহ মাৰিছে। হটঙা মানুহটো সেইদিনা আকৌ আহিছিল। উছমানক সি বাহিৰলৈ ওলাই যাবলৈ ক’লে। সি নগ’ল।

“অ’ই পুতেৰেক বাইহৰোক ওলবা কৌ”

উছমানৰ সহ্য নহ’ল। ডাঙৰ ইটা এটাৰে মানুহটোৰ মূৰটো ফালি পেলালে। গোটেই কোঠাটো তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিল। মাকৰ সৈতে উছমান গুৱাহাটীলৈ পলাই আহিল। কেতিয়াবা মিস্ত্ৰীৰ লগত যোগালী কৰে, কেতিয়াবা ৰিক্সা চলায়।

১০ বছৰত উছমানে গুৱাহাটীৰ সকলো চুক-কোণ চিনি পোৱা হ’ল। গুৱাহাটীৰ বস্তিৰ প্ৰতিজনী বেশ্যা, প্ৰতিটো দালালৰ লগত তাৰ চিনাকি। মাক মৰাৰ পিছত সিও বেশ্যা দালালিত নামি পৰিল।

।। পাঁচ ।।

“একদম টাগড়া মাল বা। বাজাৰ মে চাংগা দাম মিলি। মৰদ হামাৰ সংগে ঠেলা চলৱাত ৰহে। মৰ গেল”

চানু বিহাৰীয়ে চাদা মলি-মলি উছমানক ক’লে।

“কি নাম?”

“ৰহিমা।”

“ক’নে থাকে?”

“উ বগল বালা বস্তি মে ৰেহেলিন। টু বৌল দিহা, ইছমাইল কে চংগে কাম কৰত ৰহি। কাম হৌ যায়, তব কমিছন চাহি।”

“হ’বনি।”

ৰহিমাই নিজে নিজৰ কপালখনত থপৰিয়ায়। কিহৰ কাৰণে তাই উছমানৰ কথাত ভোল গৈ এই নৰককুণ্ডত থিতাপি ল’লে? উছমানে তাইক এই নতুন বস্তিটোলৈ লৈ আহিল। বস্তিত তাইক থাকিবলৈ জুপুৰি এটা দিলে। কাপোৰ চিলাই কৰিবলৈ বুলি কোঠা এটাও বন্দোবস্ত কৰি দিলে। প্ৰথম এমাহমান ঠিকেই চলিছিল। দোকানখনো মোটামুটিভাৱে চলাই তাই দুবেলা-দুমুঠি যোগাৰ কৰি আছিল। কিন্তু উছমানে এদিন তাইক প্ৰস্তাৱ দিলে,

“চিলাই দহান দিয়া কই দিন চলবা? এলদা কিছৰ দহান ও টো দৱাপাৰ”

“কি কাম কৰিমনো উছমান? লিখা-পঢ়া কাম কৰিবলৈ আখৰকেইটা চিনিব পৰাকৈ দু-এশাৰীমানহে পঢ়িলোঁ কেৱল। বাকী, চিলাই কৰাৰ বাহিৰে আৰু কি জানো?”

“দেহন বুবু,আমৰা তেৰা-বেকাঁ কথা কোৱা মানুছ না। গেৰেমা বৈইৰা কি কৰে এই মাছে আননে কিন্তু জানলেন ।আপনেৰো একিকৰা লগবো”

“কি ক’লি চুৱৰ বাচ্চা, মই শৰীৰ বেচিবলৈ বেশ্যা নেকি? ওলা ইয়াৰ পৰা ওলা!”

উছমানে ৰহিমাক চুলিকোছাত ধৰি টানি আনিলে,

“চাল্লী, হাৰামজাদী তক কি আমি হনে খিলয় পিন্ধায়া ৰাকমু নেকি? ধৰ্মশালা খুলা ৰাকছা নেকি? যদি সনে বেশ্যাগিৰি নাকৰছ গেৰামে থিকি যাবিগা। ৰাইতে ৰেডী থাকবি ৰুমে। কাষ্টমাৰ আছপো”

উছমান গ’লগৈ…

ৰাতিলৈ তাইৰ জুপুৰিটোলৈ এটা আদমী মানুহ আহিল। তাইৰ সতীত্ব হৰণ কৰিলে। টকা এহেজাৰ দি গ’ল। এইদৰে সপ্তাহত দুই-তিনিটাকৈ তাইৰ ওচৰলৈ কাষ্টমাৰ আহিবলৈ ল’লে। উছমানে কাষ্টমাৰৰ লগত কথা পাতে। বন্দোবস্ত কৰাৰ নামত পইচা লয়। বাকী কাষ্টমাৰে দিয়া পইচাখিনি তাইৰ ভাগৰ।

।। ছয় ।।

“তই মোৰ লগত পলাই যাবিনে?”

“যাম?”

“সঁচাই যাবি?”

“কিয় নাযাম?”

“তোৰ বাপেৰ মান-সন্মান। বাপেকৰ জীয়েক পলাই গৈছে বুলি সমাজত বাপেকৰ বদনাম নহ’বনে?”

“মৰাতকৈ বদনাম হোৱাটো কোনো ডাঙৰ কথা নহয়। সুৰেশ, তোক নাপালে মই মৰি থাকিম অ’।”

“আৰু মই কি জীয়াই থাকিব পাৰিম?”

সুৰেশে এইবুলি পৰীক সাবটি ধৰে।

“আৰু কিমানদিন আমি এনেকৈ ইয়াত থাকিব লাগিব সুৰেশ?” পৰীয়ে সুৰেশৰ চুলিকোছাত আলফুলকৈ হাত বুলাই তাক সুধিলে।

“কিয় চিন্তা কৰিছ তই? মই কাম বিচাৰি ফুৰিছোঁ, কাম এটা পালেই আমি এই বস্তিৰ পৰা ওলাই গৈ ভাল ৰূম এটাত থাকিম, য’ত থাকিম কেৱল তই আৰু মই।”

“সুৰেশ, ঘৰৰ পৰা লৈ অহা পইচাবোৰ শেষ হৈ আহিছে। সোনকালে কাম এটা বিচাৰ। নহ’লে আমি কি খাম?”

“তই সেইবোৰ ভাবিব নালাগে। মই মেনেজ কৰিম চব।”

সুৰেশে পৰীৰ ওঁঠত চুমা এটা খালে। তাৰ পিছত তাইক নিজৰ বুকুৰ মাজত সুমুৱাই ল’লে।

আজি এসপ্তাহ হ’ল। কাম বিচাৰি ওলাই যোৱা সুৰেশ এতিয়াও উভতি অহা নাই। পৰীয়ে এই এটা সপ্তাহ অতি সংকাৰে কটাইছে। তাই জানে, এই বস্তিত কি কাৰবাৰ চলে? ৰিক্সা, ঠেলাৱালা থকা এই বস্তিটোত তাই প্ৰায় চুট-টাই পৰিহিত ব্যক্তি অহা দেখে। তাই এই বিষয়ে সুৰেশক সুধিছিল, ঠেলাৱালা, ৰিক্সাৱালা থকা বস্তিলৈ কি কামত ইমান ডাঙৰ মানুহবোৰ আহে? সুৰেশে কথাটো উৰাই দিলে। কিন্তু তাই এদিন আৱিষ্কাৰ কৰিলে যে বস্তিটো পতিতালয়ৰ বাহিৰে আন একো নহয়। তাইৰ সুৰেশলৈ খুব খং উঠিছিল। কিয় ইমান এখন বেয়া ঠাইলৈ তাইক থাকিবলৈ লৈ আহিছে? সুৰেশে তাইক কৈছিল, এই চহৰত এইখিনি ঠাইতকৈ ইমান কম ভাড়াত সিহঁতি ক’তো ভাড়াঘৰ নাপায়। পইচাৰ নামত সিহঁতৰ ওচৰত কেৱল তাই ঘৰৰ পৰা চুৰ কৰি লৈ অহা পইচাকেইটাহে আছে। সি তাইক আশ্বাস দিছিল, সি কিবা এটা চাকৰি পালেই সিহঁতি ইয়াৰ পৰা গুচি যাব।

তাই দুটা দিন লঘোণে আছে আৰু এটা দিন লঘোণে থাকিবলগা হ’লে তাই কিজানি মৰিয়েই থাকিব। কিন্তু তাই কৰিবই বা কি? ঘৰৰ পৰা চুৰ কৰি অনা সকলোখিনি পইচা শেষ। কাৰোবাক কিবা এটা খুজিবলৈও বস্তিত চিনাকি বুলিবলৈ কোনো নাই।

তাই ভগ্ন দেহাৰে বিচনাৰ পৰা কোনোমতে উঠি গৈ দুৱাৰখন খুলিলে।

“আপুনি?”

“আমি উছমান। সুৰেশৰে বন্ধু। আপনাক একতা কথা কৈবৰ আছিলাম।”

পৰীয়ে বস্তিৰ প্ৰায়খিনি মানুহে এইধৰণৰ অদ্ভুত ভাষাতে কথা পতা শুনিছে। ভাষাটো তাই একেবাৰে বুজি নাপায়। কিন্তু উছমান নামৰ মানুহটো যে ইমানদিনে তাইৰ ওচৰলৈ অহা নাই, সেই কথাও বুজি পাইছে।

“কিবা কামত আহিলে বোধহয়? পিছে, সুৰেশ নাই, এমাহমানেই হ’ল গ’ল। কিবা কামত ওলাই গৈছে। আপুনি জানেনে সি ক’ত আছে?” পৰীয়ে উছমানক সুধিলে।

“আমি জানি না।”

উছমানে জেপৰ পৰা কাগজত বান্ধি অনা ৰুটিকেইখন উলিয়াই পৰীৰ হাতত দিলে।

“খায় নিয় ৰুটি টা। আপনে মনে হয় মেলা দিন থিকা কিছু খান না। আমি আবৰ আছমু। এহুন জাই তালি।”

উছমান গ’লগৈ।

পৰীয়ে ৰুটিকেইখন খালে। সুৰেশ আৰু ঘূৰি নাহিল। এই নৰককুণ্ডত তাইক অকলে এৰি থৈ সি গুচি গ’ল।

পৰীয়ে এই চহৰত কাকো চিনি নাপায়। ইয়ালৈ অহাৰ পৰা তাই কেৱল বস্তিৰ কোঠাটোতে সোমাই আছে। তাই কি কৰি খাব? কেনেকৈ পেটটো পূৰাব? পেটৰ তাড়নাত পৰি তাই অৱশেষত বাছি ল’বলৈ বাধ্য হ’ল, মহিলাৰ পৃথিৱীৰ আটাইতকৈ প্ৰাচীন বৃত্তিটো। সুৰেশে কিয় তাইক এই ঠাইলৈ থাকিবলৈ আনিছিল? কিয় কোনো চিনা-জনা নথকা উছমানে তাইক ৰুটি খাবলৈ দিছিল, তাইৰ আৰু বুজিবলৈ বাকী নাথাকিল।

সুৰেশে তাইক বেচিলে। উছমানে এতিয়া তাইৰ শৰীৰক লৈ দৰ-দাম কৰিব। কাষ্টমাৰ আহিব, উছমানে কমিছন ল’ব।

এই ৫ বছৰত তাইৰ ওচৰলৈ কিমান কাষ্টমাৰ আহিল তাই হিচাপ ৰখা নাই। এই বস্তিত তাইৰ ৰেট আটাইতকৈ বেছি। তাইৰ কাষ্টমাৰ কোনো ৰিক্সাৱালা, ঠেলাৱালা নহয়। পুলিচ বিষয়া, প্ৰশাসনিক বিষয়া, ৰাজনীতিবিদ, ব্যৱসায়ী, সমাজৰ বৰমূৰীয়াসকলেই তাইৰ ৰেগুলাৰ কাষ্টমাৰ। দেউতাকৰ ইচ্ছা আছিল, এদিন তাইক প্ৰশাসনিক বিষয়া হিচাপে গঢ়ি তোলাৰ। কিন্তু তাই যেতিয়া সমাজৰ এই বিষয়াসকলৰ মুখাৰ আঁৰত থকা বীভৎস ৰূপটো দেখা পায়, তাইৰ ঘৃণা লাগে। গাঁৱৰ সহজ-সৰল শিক্ষক দেউতাকে চাগে নাজানিছিল, এই উচ্চ পদবীৰ মানুহবোৰে ৰাতি হ’লে ভদ্ৰতাৰ মুখাখন খুলি নিজৰ জন্তুৰ ৰূপটো ধাৰণ কৰে। জনা হ’লে তেওঁ নিজৰ ছোৱালীক সেইখন সমাজৰ অংশ হোৱাটো কেতিয়াও নিবিচাৰিলেহেঁতেন।

।। সাত ।।

“কি? ওৰা ছালা বস্তিত আছলি বেশ্যাৰ ছতে শুয়া বাইচা আৰু এহুন ওৰা…..”

“হেল্ল, চেনো, কহন কহন হ’ব কামটা।”

“গুৱামাৰি!!”

“উ কা বৌলত? সঁচ মে হেই ক্যা?”

“ছালা, চব চুৱৰ বাচ্চা, আইসে উচ্ছেদ কৰবাৰ,কি কৰি চাইয়া থাইকা ওগৰে।”

ৰহিমাই ঠিকেই শুনিছে। উচ্ছেদ, সিহঁতি উচ্ছেদৰ কথাকে পাতি আছে। উছমানে চানু বিহাৰীক উচ্ছেদৰ কথাকে কৈছে। কিন্তু ক’ত? সিহঁতৰ বস্তিত? উছমানে কিয় ইমান খঙেৰে কৈছে, সিহঁতক চাই ল’ব বুলি!!

“পৰী, পৰী দুৱাৰখন খোল।”

“আৰে, ৰহিমা দিদি ইমান ৰাতি কিবা দৰকাৰ আছিল নেকি?”

“বৰ ডাঙৰ কথা এটা হৈছে পৰী।”

“কি?”

“উচ্ছেদ হ’ব আমাৰ বস্তিত।”

“কি? কেতিয়া?”

“সেইবোৰ মই একো নাজানো। মোৰ ৰূমৰ কাষতে চানু বিহাৰী আৰু উছমানে কথা পাতি আছিল। মই কথাখিনি ইমান ভালকৈ ধৰিব নোৱাৰিলোঁ। কিন্তু মোৰ সন্দেহ এই উচ্ছেদ আমাৰ বস্তিতে হ’ব।”

“ৰহিমা দিদি, মোৰ বৰ ভয় লাগিছে। কি হ’ব এতিয়া?”

“মইনো কি কৰিম? এতিয়া চব আল্লাহৰ ভৰসা।”

“দিদি, কথা এটা কওঁ আপোনাক।”

“ক।”

“মোক উছমানে নামী কাষ্টমাৰ দুটামান আনি দিব কৈছিল। মই ভাবি আছিলোঁ, সিহঁতৰ পৰা পইচা পালে মই এই নৰকৰ পৰা ওলাই যাম আৰু ক’ৰবাত ঘুমতি এখন দি কেনেবাকৈ চলি থাকিম। এতিয়া যদি বস্তি ভাঙি দিয়ে ক’ত যাম মই? কি কৰিম?”

পৰীয়ে কান্দি-কান্দি ৰহিমাক সাবটি ধৰিলে।

“আমাৰ এইবোৰ কপাল নহয় বুজিছ। হে আল্লাহ, আমাৰ ওপৰত অলপ মেহেৰবান হোৱা।”

পিছদিনা ৰাতিপুৱা উছমান, চানু বিহাৰীসহ বস্তিত বাস কৰা মতা-তিৰোতা সকলো ওলাই আহিল।

“আমি তগৰে বস্তি ভঙবাৰ দিমুনা” উছমান চিঞৰি উঠিল।

“গভৰ্ণমেণ্টৰ অৰ্ডাৰ। বস্তি পাতি তহঁতে অবৈধভাৱে চৰকাৰী মাটি দখল কৰি আছা। বস্তি ভাঙি এই মাটি চৰকাৰে বাজেয়াপ্ত কৰিব।”

“আমৰা এনা চৰকাৰ-তৰকাৰ চিনি না। বস্তি ভাঙা পাৰবিনা তৰা।”

“চৰকাৰী কামত বাধা দিলে আমি তোক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হ’ম।”

উচ্ছেদ কৰিবলৈ অহা বিষয়াজনে ক’লে।

“এ বাদ দে। তগৰে কত অফিছাৰ দৈইলি হেনে বেশ্যাৰ সতে শুইবাৰ আইছে ।সেইটা অবৈধ কাম না নাকি? যদি হই, তালি আইছিলো জে ওৰা ?”

“মোৰ তহঁতৰ লগত চুপতি মাৰিবলৈ সময় নাই।”

“অ’ই চলা। কাম নাথামাবি।”

বিষয়াজনে বুলড’জাৰ চলোৱা চালকজনক নিৰ্দেশ দিলে।

বুলড’জাৰৰ কোবত দুটাকৈ জুপুৰি খহি পৰিল।

“হমাৰ ঘৰৱা টুড় দেহলছ।” চানু বিহাৰীয়ে চিঞৰিলে।

সি শিলগুটি এটা লৈ বুলড’জাৰৰ চালকজনৰ ফালে দলিয়াই দিলে। শিলগুটিটো মূৰত পৰি চালকজনৰ মূৰৰ পৰা তেজ ওলাবলৈ ধৰিলে। তাত উপস্থিত বাকীসকলেও চানুক দেখি উচ্ছেদ চলাবলৈ অহা দলটোক শিলাবৰ্ষণ কৰিবলৈ লাগিল। উচ্ছেদ কৰিবলৈ অহা দলটো পিছুৱাই গ’ল। বস্তিৰ সকলোৱে বিজয়োল্লাস কৰিলে।

এইবাৰ ২ ঘণ্টামান পিছত পুলিচৰ ফ’ৰ্চসহ উচ্ছেদকাৰী দলটো আহিল। উছমানৰ ধৈৰ্যচ্যুতি ঘটিল। সি দেগাৰ এখন লৈ গৈ পুলিচ এজনৰ পেটত সুমুৱাই দিলে। বস্তিৰ বাকীসকলেও লাঠি-জোং লৈ পুলিচক আক্ৰমণ কৰিলে। পুলিচে এফালৰ পৰা লাঠি-চাৰ্জ কৰিলে।

কি মতা, কি মাইকী সকলোকে। পুলিচৰ লাঠি-চাৰ্জত উছমান অতি বেয়াকৈ আঘাতপ্ৰাপ্ত হ’ল।

ৰহিমাই বেগেৰে দেখিলে, উছমান অৰ্ধমৃত অৱস্থাত মাটিত পৰি আছে। ইতিমধ্যে উচ্ছেদকাৰী দলটো উভতি গৈছিল। কাইলৈ সিহঁতি আকৌ আহিব। চানু বিহাৰীৰ জুপুৰিটোৰ নিচিনাকৈ ৰহিমা আৰু পৰীৰ জুপুৰিটোও ভাঙি থৈ যাব।

“পৰী? ক’ত গ’ল তাই? ৰাতিপুৱাৰ পৰা দেখা নাই তাইক।”

ৰহিমা পৰীৰ কোঠাটোলৈ সোমাই গ’ল। হাত দুখন মেলি তাই বিচনাখনত পৰি আছে। মুখেৰে ফেন ওলাই আছে। ৰহিমাই তাইৰ নাকটোৰ ওচৰলৈ হাতৰ আঙুলিটো নি চালে। নাই, তাই উশাহ লোৱা নাই।

পৰী মৰিয়েই থাকিল। এই নৰককুণ্ডৰ পৰা তাই ওলাই যাব নোৱাৰিলে।

উছমান তেতিয়াও তেজেৰে লুতুৰি-পুতুৰি হৈ মাটিত পৰি আছে। ৰহিমাই এই দিনটোৰ বাবে ৰৈ আছিল।

“চাল্লা, চুৱৰ বাচ্চা, তই ইয়াৰে লায়েক। মোৰ, পৰীৰ দৰে কিমানৰ জীৱন তই ধ্বংস কৰিলি?”

ৰহিমাই তাৰ মুখখনত থুৱাই দিলে। তাই হুকহুকাই কান্দি মাটিত বহি পৰিল।

উছমান মাটিত পৰি থাকিল।

উছমান একেবাৰে গ’লগৈ….

।। সমাপ্ত ।।

দ্ৰষ্টব্য: ধুবুৰী, গোৱালপাৰা আদি ঠাইত থলুৱা ভাষাত বস্তিক "গেৰাম" বুলি কোৱা হয়।

কৃতজ্ঞতা স্বীকাৰ

মঃ ছতিউৰ ৰহমান।

একেই বিষয়ৰ আৰু লিখনি