
দুপৰীয়াৰ তীব্র ৰ’দজাকে চহৰখনৰ তপত আলকতৰাবোৰ যেন গলাই পেলাব খুজিছে। অবিনাশে নিজৰ শীততাপ নিয়ন্ত্ৰিত গাড়ীখনৰ ভিতৰত বহি বাহিৰৰ কোলাহলবোৰলৈ চাই আছিল। ট্রাফিক চিগনেলৰ ৰঙা চকুহাল যেন আজি বহুত দেৰিলৈকে মুদ নাখাব। ফাইলৰ দস্তাবেজ, মিটিং আৰু লক্ষ্যৰ পিছে পিছে দৌৰোঁতে দৌৰোঁতে তেওঁৰ জীৱনটোও যেন এটা যান্ত্ৰিক ঘড়ীৰ দৰে হৈ পৰিছে। হাতঘড়ীটোলৈ চাই তেওঁ আকৌ এবাৰ বিৰক্তিৰে চকুহাল মুদি দিলে।
হঠাৎ গাড়ীৰ কাঁচত এটা মৃদু টোকৰ পৰিল। অবিনাশে চকু মেলি দেখিলে এজন বৃদ্ধ মানুহ। বয়সৰ ভৰত কঁকালটো অলপ বেছি হালিছে, গাৰ ছালবোৰ শোটোৰা-শোটোৰী। মানুহজনৰ হাতত এখন সৰু বাঁহৰ ডলা, য'ত কেইটামান মাটিৰ পুতলা আৰু টিং টিংকৈ বাজি থকা সৰু সৰু জুনুকা। মানুহজনৰ মুখত এক অদ্ভুত ধৰণৰ প্রশান্তি। তেওঁ অতি আশাৰে অবিনাশৰ ফালে চাই হাতৰ জুনুকাটো জোকাৰি দিলে ।অবিনাশৰ প্রথমতে খং উঠিছিল। এই উৎকট গৰমত অহেতুক আমনি কৰা মানুহবোৰক তেওঁ একেবাৰেই সহ্য কৰিব নোরাৰে। তেওঁ
আইনাখন নমাই মানুহজনক খেদিব খুজিছিল, কিন্তু কিবা এক অজ্ঞাত আকর্ষণত তেওঁ ৰৈ গ'ল। মাটিৰ
পুতলাবোৰৰ ওপৰত তেওঁৰ চকু স্থিৰ হ'ল। সেই একেই ৰঙীন মাটিৰ ঘোঁৰা, যাৰ ওপৰত বহি তেওঁ এদিন শৈশৱৰ
কল্পনাৰ দেশত বিচৰণ কৰিছিল। চহৰৰ ভাওৰ ডাঙৰ শ্বপিং মলত পোৱা দামী খেলনাবোৰৰ ভিৰত তেওঁ পাহৰিয়েই পেলাইছিল এই মাটিৰ গোন্ধ থকা পুতলাবোৰৰ কথা।
"এটা ল'ব নেকি দাদা? নাতিটোৰ কাৰণে চাউল কেইটামান নিব লাগে," বৃদ্ধজনৰ কণ্ঠত এক কৰুণ অথচ বিনম্র আবেদন আছিল।
অবিনাশে একো নকৈ মানুহজনৰ হাতৰ পৰা মাটিৰ ঘোঁৰা এটা তুলি ল'লে। তাৰ গাৰ ৰংবোৰ ঠায়ে ঠায়ে এৰাই গৈছে, নির্মাণতো কোনো আধুনিকতাৰ পৰশ নাই। কিন্তু সেইটো স্পর্শ কৰাৰ লগে লগে তেওঁৰ মনটো যেন মুহূর্ততে বহু বছৰ পাছলৈ উৰা মাৰিলে। পদূলিৰ সেই বকুলজোপাৰ তলত মাটিয়ে-ধূলিয়ে খেলি থকা সৰু ল'ৰাটোৰ ছবিখন
তেওঁৰ চকুৰ আগত জিলিকি উঠিল। তেওঁৰ মনৰ গভীৰত ক'ৰবাত লুকুরাই থকা সেই নিস্পাপ শিশুটোৱে যেন আজি বহু দিনৰ মূৰত সাৰ পাই উঠিল।
চিগনেলটো সেউজীয়া হ'ল। পাছফালৰ গাড়ীবোৰে তীব্র শব্দেৰে হর্ণ বজায় এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে। অবিনাশে খৰখেদাকৈ মানুহজনৰ হাতত এশটকীয়া নোট এখন গুজি দিলে। মানুহজনে বাকী পইচা ঘূৰাই দিব খুজিছিল যদিও অবিনাশে হাত জোকাৰি মানা কৰিলে। গাড়ীখন আগুৱাই গ'ল।অবিনাশে চাইড মিৰৰখনত চালে। বৃদ্ধ মানুহজনে আনন্দত নোটখন কপালত লগাই সেৱা কৰিছে। তেওঁৰ গাড়ীৰ লেদাৰৰ চীটটোৰ ওপৰত মাটিৰ পুতলাটো অকলশৰীয়াকৈ বহি আছিল। চহৰৰ ব্যস্ততা, কোলাহল আৰু কৃত্ৰিমতাৰ মাজত সেই সৰু পুতলাটো যেন এক বিসদৃশ দৃশ্য। অথচ, সেইটোৱেই যেন আজি অবিনাশৰ বাবে আটাইতকৈ আপোন হৈ পৰিল।
তেওঁৰ গন্তব্যস্থান এতিয়াও বহুত দূৰ, কিন্তু তেওঁৰ মনৰ ভিতৰত চলি থকা সেই যান্ত্ৰিক যুঁজখন যেন কিছু পৰিমাণে থমকি ৰৈছে।
বতাহজাকত মাটিৰ এক ক্ষীণ গোন্ধ ভাঁহি আহিল। অবিনাশে খিৰিকীখন অলপ নমাই দিলে। চহৰখনৰ ধূলি-
বালিৰ মাজতো আজি যেন তেওঁ এক অচিনাকি সুবাস বিচাৰি পালে। জীৱনৰ অংকবোৰ মিলাবলৈ গৈ তেওঁ কিমান কি হেৰুৱালে, তাৰ কোনো হিচাপ তেওঁৰ হাতত নাই; কিন্তু সেই মুহূর্তত তেওঁ মাত্ৰ এজন সফল ব্যৱসায়ী নহয়, বৰঞ্চ নিজৰ শৈশৱক পুনৰুদ্ধাৰ কৰা এজন সাধাৰণ মানুহহে আছিল। গাড়ীখন ভিৰৰ মাজত মিলি গ'ল, ৰৈ গ'ল মাথোঁ এক অব্যক্ত অনুভৱ।


