Xahitya.com
লিখনিলৈ উভতি যাওক
কবিতা

পৃথিৱীৰ আদিম সুৰ

নয়ন নিলিম শৰ্মা·৭ অক্টোবৰ, ২০২৬·১৮ দৰ্শন
পৃথিৱীৰ আদিম সুৰ

পৃথিৱীখনত তেতিয়াও আছিল এটা জ্বলন্ত আঙঠা, বতাহত আছিল কেঁচা মাটি আৰু তেজৰ মিশ্ৰিত সুবাস। আমাৰ ভাষাবোৰ তেতিয়াও কণ্ঠত বন্দী হৈ আছিল,
চকুৰ কোণত আছিল কেৱল চিকাৰীৰ তীব্ৰ দৃষ্টি,
আৰু বুকুত আছিল এটা ঢপচপনি- যি আছিল বিশ্বৰ প্ৰথম সংগীত।

আমি শিল কাটি জুই জ্বলাইছিলোঁ,
কিন্তু সেই জুইতকৈও তীব্ৰ আছিল আমাৰ পেটৰ ভোক। গুহাৰ দেৱালত আঁকিছিলোঁ হাতৰ তলুৱাৰ সাঁচ,
যাতে কালৰ সোঁতত হেৰাই নগৈও বৈ যায়-
“আমি আছিলোঁ।”
আমি আছিলোঁ এই অৰণ্যৰ অংশ, আমি আছিলোঁ এই ধুমুহাৰ সহযাত্ৰী।

হেজাৰ বছৰৰ বালিৰ তৰপবোৰ খহি পৰিলেও,
আজিও নিশাৰ নিস্তব্ধতাত সেই একেই আদিম সুৰ শুনিবলৈ পাওঁ।

যেতিয়া চহৰৰ লাইটবোৰ নুমাই যায়,
আৰু মানুহবোৰ আকৌ নিজৰ নগ্ন আত্মাৰ মুখামুখি হয়-তেতিয়া বুজি পোৱা যায়,
আমাৰ ভিতৰৰ সেই পশুটো আজিও জীয়াই আছে।

যিয়ে গৰ্জন কৰি উঠে প্ৰতিটো অন্যায়ত,
যিয়ে হাহাকাৰ কৰি উঠে প্ৰতিটো বিচ্ছেদত।

সভ্যতাৰ চোলাটো বৰ ঠেক হৈ পৰিছে,
আমি আকৌ এবাৰ উভতি যাওঁ-
সেই বিশাল আকাশৰ তললৈ,
য’ত নক্ষত্ৰবোৰ আছিল আমাৰ পথপ্ৰদৰ্শক,
আৰু পৃথিৱীখন আছিল আমাৰ একমাত্ৰ ঘৰ।

য’ত কোনো ধৰ্ম নাছিল, কোনো সীমা নাছিল,
আছিল কেৱল জীয়াই থকাৰ এক আদিম আৰু গভীৰ মাদকতা।

একেই বিষয়ৰ আৰু লিখনি

চিঞৰ
কবিতা

চিঞৰ

চিঞৰ

লিখক আৰিফ হক৬ অক্টোবৰ, ২০২৬১৩